২৪ বছৰত ৩৮ টাকৈ সন্তান জন্ম দিয়া মহিলা

অনলাইন ডেস্ক, ২৯ এপ্ৰিলঃ মাতৃত্ব লাভ কৰাটো প্ৰতিগৰাকী নাৰীৰ বাবে সৌভাগ্যৰ কাৰণ৷ মাতৃত্ব অবিহনে নাৰীৰ জীৱন আধৰুৱা৷ পিছে য়াগুণ্ডাৰ মোকোনো জিলাৰ কাবিম্বিৰী গাঁৱৰ এগৰাকী মাহিলাই নিজৰ বিবাহিতা জীৱনৰ ২৪টা বছৰত ৩৮টাকৈ ল’ৰা-ছোৱালী মাতৃ হোৱাৰ গৌৰৱ লাভ কৰিছে৷ য়াগুণ্ডাৰ ৩৭ বছৰীয়া মৰীয়াম নাবাটানজি নামৰ মহিলা গৰাকীয়ে অতি কম বয়সতে বিবাহপাশত আবদ্ধ হৈ মাত্ৰ ১৩ বছৰ বয়সত প্ৰথম সন্তান জন্ম দিছিল৷  আচৰিত যেন লাগিলেও সঁচা,  মৰীয়ামে ছয়বাৰ ২টাকৈ, চাৰিবাৰ ৩টাকৈ আৰু তিনিবাৰ ৩টাতকৈ অধিক সন্তান জন্ম দিছিল৷ মৰীয়ামে মাত্ৰ দুবাৰহে ১টাকৈ সন্তান জন্ম দিছিল৷  মৰীয়ম সন্তান জন্ম দিয়াৰ মেচিন নামেৰে জনাজাত৷ মৰীয়ামে জানিবলৈ দিয়ে যে মৰীয়ামৰ পিতৃৰো বিভিন্ন মহিলাৰ ফালৰ পৰা ৪৫টা সন্তান আছিল৷ মৰীয়ামে এই ৩৮টা সন্তানৰ পোহ-পালৰ ক্ষেত্ৰত স্বামীৰ কোনো ধৰণৰ সহায় নাপায়৷ আনকি সন্তানে নিজৰ পিতৃক চিনিয়েই নাপাই৷ মৰীয়ামৰ প্ৰথম সন্তানৰ বয়স এতিয়া ২৩ বছৰ আৰু এইজন সন্তানে নিজৰ পিতৃক ১৩ বছৰ বয়সত অন্তিমবাৰ দেখা পাইছিল৷ অৱশ্য জন্ম নিয়ন্ত্ৰণৰ বাবে মৰীয়ামে চিকিৎসকৰ কাষ চাপিছিল যদিও চিকিৎসকে মৰীয়ামক সন্তান জন্মৰ পৰা বিৰত থাকিবলৈ মানা কৰে৷ চিকিৎসকৰ মতে মৰীয়ামৰ শাৰীৰিক কিছুমান অসুবিধা আছে আৰু তেওঁ সন্তান জন্মৰ পৰা বিৰত থাকিলে মৃত্যুও হ’ব পাৰে৷