ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১২ মাৰ্চ: তিনিচুকীয়া জিলাৰ ডিগবৈ থানা অন্তৰ্গত আৰ.জী.ৰোডৰ নিবাসী বাবু আহমেদৰ সপ্তম শ্ৰেণীত পঢ়ি থকা ১২ বছৰীয়া কন্যা ৰুকছাৰ বেগম দেওবাৰৰ পৰা নিখোজ হৈ আছে। দেওবাৰে সন্ধিয়া প্ৰায় ৫ মান বজাত ঘৰৰ বাহিৰত খেলিথকা অৱস্থাত হঠাৎ কিশোৰী গৰাকী নিখোজ হয়। বহু সময় লৈকে কিশোৰী গৰাকীৰ মাত পৰিয়ালৰ লোকে শুনিবলৈ নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ কিশোৰী গৰাকীৰ বিচৰা আৰম্ভ কৰে। প্ৰায় ২ ঘণ্টা ধৰি বিচাৰ কৰাৰ পিছতো কিশোৰী গৰাকীৰক কোনো সন্ধান নোপোৱাত অৱশেষত পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপি সমগ্ৰ বিষয়টো আৰক্ষীক অৱগত কৰি এজেহাৰ দাখিল কৰে। কোনো ব্যক্তিয়ে যদি ৰুকছাৰ বেগমৰ কিবা সন্ধান অথবা দেখি পাই তেন্তে ৭৮৯৬২২৫৫৮৬, ৯১০১৩৬০৭৮০ নম্বৰলৈ বা স্থানীয় থানা লৈ যোগাযোগ কৰিবলৈ পৰিয়াল লোকে অনুৰোধ কৰিছে।