মডেলঃ তানুশ্রী বৰুৱা

মিছ পিংক ভিল্লা ২০১৫ৰ  বিজয়ী তানুশ্রী বৰুৱা অসমৰ এগৰাকী আগশাৰী মডেল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ১৯৯৬ চনৰ ১০ নৱেম্বৰত গুৱাহাটী মহানগৰীত জন্ম লাভ কৰা তানুশ্রী বৰুৱাৰ পিতৃ যতীন বৰুৱা আৰু মাতৃ নমিতা বৰুৱা।  বাণিজ্য বিভাগৰ স্নাতকোত্তৰ শিক্ষাৰ্থী তানুশ্রী বৰুৱাই ২০১২ চনত ট্ৰেডিচনাল পেজেন্টত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বহু কেইটা সৌন্দয্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেইবাটাও খিতাপ অৰ্জন কৰিছে। মিছ মেজাঙ্কৰী প্ৰতিযোগিতাত তানুশ্রী বৰুৱাই ২য় ৰাৰ্ণাছ আপৰ খিতাপ লাভ কৰিছিল।  বৰ্তমান তানুশ্রী বৰুৱা অসমৰ এগৰাকী সফল মডেল হিচাপে পৰিগণিত হৈছে যদিও  নিজকে এগৰাকী বিশ্ববিখ্যাত মডেল হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তানুশ্রী বৰুৱা জীৱ জন্তুৰ লগত সময় অতিবাহিত কৰি ভাল পায়। তানুশ্ৰী ফেশ্যন জগতত এক সুকীয়া পৰিচয় দাঙি ধৰাৰ লগতে এগৰাকী  বেলি ডান্সৰ হিচাপে ইউটিউবত বহু ভিডিও আপলোড কৰিছে। তানুশ্রী বৰুৱাৰ উজ্জল ভৱিষ্যত আমি আশাৰে কামনা কৰিলোঁ।