মডেলঃ মনপা হাজৰিকা

মনপা হাজৰিকা বৰ্তমান অসমৰ ফেশ্বন জগতৰ এক চিনাকি নাম৷ ১৯৯৫ চনৰ ২১ জানুৱাৰীত বিশ্বনাথ চাৰিআলিৰ গহপুৰত জন্ম লাভ কৰা মনপাই উজনি অসমৰ ফেশ্বন উইকত অংশগ্ৰহণ কৰাৰ লগতে গুৱাহাটী তথা বিভিন্ন ফেশ্বন ডিজাইনাৰৰ দ্বাৰা আয়োজিত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ ফেশ্বন জগতত মডেল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ বৰ্তমান ফেশ্বন নিজকে অসমৰ লগতে দেশৰ এক আগশাৰীৰ মডেল হিচাপে গঢ়ি তোলাত ব্যস্ত মনপা অসমীয়া বিভাগৰ স্নাতকোত্তৰ৷ মডেলিংৰ লগতে নৃত্য আৰু অভিনয় কৰি ভালপোৱা অসমৰ এই মডেলগৰাকীৰ ভবিষ্যতলৈ আমাৰ শুভ কামনা থাকিল৷

পোছাকৰ ডিজাইনঃ বিদুৎ বিকাশ হাজৰিকা, পৰাণ জে গগৈ
ফটোগ্ৰাফাৰঃ দিপাঙ্কৰ দাস
যোগাযোগ নম্বৰঃ ৯৫৩১১৮৩৩২৭
ই-মেইল আইডিঃ [email protected]