মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১২ মাৰ্চ: দক্ষিণ কামৰূপৰ বৰদুৱাৰ বাগানত এগৰাকী মহিলাক স্বামীয়ে ১৪ বছৰ ধৰি নিৰ্যাতন চলাই থকাৰ এক ঘটনা পোহৰলৈ আহিছে। নাৰী মুক্তিৰ শ্লোগানেৰে সমগ্ৰ বিশ্ব জুৰি আন্তৰ্জাতিক নাৰী দিৱস পালনৰ মাত্ৰ দুটা দিন পাছতে নাৰীৰ ওপৰত নিৰ্যাতনৰ এক চাঞ্চল্যকৰ অমানৱীয় কৰুণ ঘটনাৰ পোহৰলৈ আহিল দক্ষিণ কামৰূপত। পলাশবাৰী আৰু পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ সীমামুৰীয়া বৰদুৱাৰ বাগানত সুদীৰ্ঘ ১৪ বছৰীয়া বন্দীত্বৰ জীৱন কটাই থকা এগৰাকী মহিলা অৱশেষত সোমবাৰে মুক্তি লাভ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ সমীপৱৰ্তী চানপুৰ হালধিবাৰীৰ বাবু মাঝিয়ে নিজৰ পত্নীক প্ৰায় ১৪ বছৰ ধৰি নিজ গৃহত তলাবন্ধ কৰি আৱদ্ধ কৰি ৰাখিছিল। এই আমানৱীয় ঘটনা সম্পৰ্কে অৱগত হোৱাত বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , আঞ্চলিক ৰাভা মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসুচী দাবী সমিতি আৰু বাগান কলঘৰ আঞ্চলিক সংঘই যৌথভাৱে অভিযান চলাই বাবু মাঝিৰ ঘৰত উপস্থিত হৈ পত্নী আৰু এটি সন্তানক তলাবন্ধ অৱস্থাত উদ্ধাৰ কৰিৱলৈ সক্ষম হয়। জানিব পৰা ম’তে বাবু মাঝিয়ে সন্দেহৰ বশৱৰ্তী হৈ তিনিটা সন্তানৰ মাতৃ নিজৰ পত্নীক ১৪ বছৰ ধৰি বাসগৃহত বন্দী কৰি ৰাখিছিল। অৱশ্যে পাষান স্বামীৰ বৰ্বৰতাৰ পৰা মহিলা গৰাকী মুক্তি লাভ কৰে। বাবু মাঝিৰ পত্নিৰ ওপৰত চলোৱা এই নিৰ্যাতনৰ ঘটনা সচেতন মহলত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় দল সংগঠনে মহিলা গৰাকীক মুক্তি দিয়াৰ পিছত এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ মাঝিৰ পৰা লিখিত প্ৰতিশ্ৰুতি লয়।