তিনিচুকীয়া, সংবাদ ৩৬৫, ১ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া  জিলাৰ অসম অৰুণাচল সীমান্তত বৃহস্পতিবাৰে পুৱতি নিশা সেনা বাহিনীয়ে অভিযান চলাই থাকোতে সেনাৰ লগত আলফাৰ এটি দল মুখামুখী হোৱাত দুয়ো গোটৰ মাজত গুলিয়াগুলী লাগে। সেনাৰ গলত গুলিয়াগুলী লগত আলফাৰ দলটোৰ কিছুমান সদস্য পলাই যাবলৈ সক্ষম হয় যদিও এই গুলিয়াগুলীত দুজনকৈ আলফা নেতাৰ মৃত্যু হয়। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ মিয়াওৰ ছিংচা গাঁৱত সেনা আৰু আলফাৰ দলটোৰ সংঘৰ্ষ হয়। ১৩ নং আছাম ৰাইফল, আলফা আৰু উগ্ৰপন্থী সংগঠন পিএলএৰ মাজত হোৱা এই সংঘর্ষত দুজনকৈ আলফা নিহত হয়। সেনাৰ দলটোৱে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল সহ এটা হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে। সংঘর্ষত নিহত হোৱা আলফা নেতা দুজনক এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।