সোণতলী, ১৫ এপ্ৰিলঃ ৰঙালী বিহুৰ উখল মাখল পৰিবেশৰ মাজতে দক্ষিণ কামৰূপৰ সোণতলীৰ কাহীবাৰীৰ ৰাজ্যিক পশু চিকিৎসালয় প্ৰাঙ্গণত ব্যাপক কাৰ্যসূচীৰে ৪৬ তম চড়ক পূজা পালন কৰা হয়৷ ভাষিক সংখ্যালঘু অধ্যুষিত অঞ্চল কাহীবাৰীত প্ৰতি বছৰে চ’ত মাহৰ শেষ সপ্তাহ এই উৎসৱ পালন কৰা হয়৷ পূজাৰ শেষৰ দিনা বৰশী বিন্ধাই চড়ত উঠাই ঘূৰোৱা দুঃসাহসিক পূজা চাবলৈ হাজাৰ হাজাৰ ভক্তপ্ৰাণ দৰ্শকৰ সমাগম ঘটে৷ কাহীবাৰী পূজা সমিতিৰ কোষাধ্যক্ষ কালিপদ পালে জানিবলৈ দিয়া মতে সন্যাসী অনন্ত মণ্ডলৰ পৰিচালনাত বৰশী বিন্ধোৱা, জিভাত শুল বন্ধা, পেটত ত্ৰিশূল বন্ধা আদিকে ধৰি কেইবা বিধৰ দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰা হয় ৷ বৰশী বিন্ধোৱাত মুক্ত মণ্ডল, জিভাত শুল বন্ধাত সুৰজিৎ বিশ্বাস আৰু জিনমন মণ্ডল, পেটত ত্ৰিশূল বিন্ধোৱাত নিধন ৰায়, দিপাঙ্কৰ বিশ্বাস আৰু সুজিৎ বিশ্বাসে অংশ গ্ৰহণ কৰে৷ উল্লেখ্য যে, হিন্দু ধৰ্মীয় লোক উৎসৱ হিচাপে যুগ যুগ ধৰি পালন কৰি অহা চড়ক পূজাক নীল পূজা আৰু চৈত্ৰ পূজা হিচাপেও জনাজাত৷ শিৱৰ ভক্ত বানৰজাৰ দিনৰ পৰা এই পূজাৰ পালন কৰা হয় বুলি লোক বিশ্বাস প্ৰচলিত৷