সোণাপুৰ, ১৯ মেঃ প্ৰধানমন্ত্ৰী দক্ষতা বিকাশ আঁচনিৰ অধীনত সোণাপুৰ ষ্টাৰ চিমেন্ট ফেক্টৰীৰ উদ্যোগত এখন চিলাই আৰু এম্বদাৰী প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰা হয়৷ সোণাপুৰৰ চমতাত স্থাপন কৰা এই বিদ্যালয়খন উদ্ধোধন কৰে বিশিষ্ট অভিনেত্ৰী জেৰিফা ৱাহিদে৷ অভিনেত্ৰীগৰাকীয়ে মহিলা সৱলীকৰণৰ লক্ষ্যৰে স্থাপন কৰা এই বিদ্যালয়খনে চমতা তথা সোণাপুৰৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায় কৰিব বুলি মত প্ৰকাশ কৰে৷ সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড০ ধ্ৰুৱজ্যোতি হাজৰিকা প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে এই প্ৰশিক্ষণ বিদ্যালয়ে অঞ্চলটোৰ মহিলা সকলৰ সৱলীকৰণত বিশেষ বৰঙণি যোগাব বুলি আশা ব্যক্ত কৰে৷ বিশেষকৈ অঞ্চলটোৰ স্থানীয় যুৱতী-মহিলাসকলক এই বিদ্যালয়খনত উপযুক্ত প্ৰশিক্ষণেৰে স্বাৱলম্বী কৰি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত সহায় কৰিব বুলি আশা ব্যক্ত কৰে৷