সোণাপুৰ, সংবাদ ৩৬৫, ১০ জুলইঃ শিক্ষা ব্যৱস্থালৈ এক নতুন পদ্ধতি। মঙলবাৰে সোণাপুৰৰ ট্ৰাইছেম ভৱনত ষ্টাৰ প্ৰজ্ঞাজ্যোতিৰ দায়বদ্ধতাৰ অনুষ্ঠানৰ কাৰ্য্যসূচীৰ অধীনত ষ্টাৰ চিমেন্ট কৰ্তৃপক্ষই মুকলি কৰে এখন ভ্ৰাম্যমান কম্পিউটাৰ শিক্ষাৰ বাহন। এই অনুষ্ঠানত বাহন খন মুকলি কৰে ৰাজ্যৰ শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্টচাৰ্যই। মন্ত্রীগৰাকীয়ে ষ্টাৰ চিমেন্টে লোৱা এই পদক্ষেপৰ শলাগ ল’য়। আৰু ইয়াৰ দ্বাৰা ছাত্র ছাত্রীসকল যথেষ্ট উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে। সভাত মন্ত্রী ভট্টাচাৰ্যৰ উপৰিও বিজ্ঞানী ডঃ উদ্ধব ভৰালী সমাজ সেৱক অজিত কুমাৰ জেনা , বিশিষ্ট কৃষক সোণেশ্বৰ কোঁৱৰ , ষ্টাৰ চিমেন্ট কৰ্তৃপক্ষৰ উপ সভাপতি প্ৰদীপ পুৰোহিত , আৱাসিক প্ৰৱন্ধক নৰেন্দ্ৰ নিমোদিয়া , মুকেক চাক্সসেনা , প্ৰমুখ্যে বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকি ষ্টাৰ চিমেন্টৰ জনকল্যাণ মূলক কামৰ বিষয়ে ৰাইজক অৱগত কৰে ।