সোণাপুৰ, সংবাদ ৩৬৫, ১৯ জুলাইঃ বৃহস্পতিবাৰে (১৯জুলাই) পুৱা ৬ বজাৰ পৰা ২০ জুলাই পুৱা ৬ বজা লৈকে সোণাপুৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডিগাৰু ৰেলৱে ষ্টেচন সংযোগী বিধস্ত গড়কাপ্তানী পথৰ নিৰ্মাণ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সোণাপুৰ পুৰণা বজাৰ সংযোগী গড়কাপ্তানী পথৰ পুনৰ মেৰামতিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী অব্যাহত থাকিব শিয়ালখাটি ডিগাৰুত। ২৪ ঘন্টীয়া অনশন কাৰ্যসূচীত সহযোগ কৰিছে ডিমৰীয়া জনজাতি সংঘ , নিখিল বড়ো ছাত্র সন্থা ডিমৰীয়া , আন্ত : ডিমৰীয়া আঞ্চলিক ছাত্র সন্থা , সদৌ ডিমৰীয়া তিৱা ছাত্র সন্থা , বড়ো কছাৰী ছাত্র সন্থা , সদৌ ডিমৰীয়া চাহ জনজাতি ছাত্র সন্থা , দিশপুৰ সমষ্টি যুৱ কংগ্ৰেছ , ডিমৰীয়া ব্লক কংগ্ৰেছ , সদৌ ডিমৰীয়া সচেতন যুৱ মঞ্চ , কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ , কামৰূপ মহানগৰ বেংগলী উন্নয়ণ পৰিষদ , জনজাতি সংঘ ডিগাৰু শাখা , পূৱ কামৰূপ আক্ৰাছু আৰু স্থানীয় সমাজ সচেতন ব্যক্তি ৰাইজ।