সোণাপুৰ, সংবাদ ৩৬৫, ১৯ জুলাইঃ সোণাপুৰ আৰক্ষীয়ে জব্দ কৰিলে ৬ খনকৈ অবৈধ বালি ভৰ্তি ডাম্পাৰ । দীৰ্ঘদিন ধৰি বালিমাফিয়াই সোণাপুৰ আঞ্চলিক বন বিষয়াক মেনেজ কৰি বালিৰ অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। বালি মাফিয়া আৰু সোণাপুৰ আঞ্চলিক বন বিষয়াৰ মিতিৰালিৰ অবৈধ বালিৰ ৰমৰমীয়া ব্যৱসায়ৰ খবৰৰ উমান পায় সোণাপুৰ আৰক্ষীয়ে সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এ এছ ০১ ই চি ০৫৪১ , এ এছ ০১ ই চি ৪২৬৩ , এ এছ ০১ জে চি ২৫৪৪ এ এছ ০১ এইচ চি ২৩৫৫ আৰু এ এছ ২৫ এ চি ০৪৮০ নম্বৰৰ এই ৫খন অবৈধ ডাম্পাৰ জব্দ কৰি সোণাপুৰ আঞ্চলিক বন বিষয়াক চমজাই দিয়ে। নিজৰ বিভাগৰ লাজ ৰক্ষাৰ বাবে বৃহস্পতিবাৰে পুৱা আন এখন এ এছ ০১ জে চি ২৫৭৯ নম্বৰৰ অবৈধ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰে সোণাপুৰ আঞ্চলিক বন বিষয়াই।