গোলাঘাটৰ পৰা গৌতম শইকীয়া, সংবাদ ৩৬৫, ১৪ জানুৱাৰীঃ গোলাঘাট জিলাৰ অন্তৰ্গত জোৰিয়া দলংৰ সমীপৰ আলিছিগা দাতি কাষৰীয়া ১০ খনতকৈ অধিক গাঁৱৰ ৰাইজে বহু বছৰৰ ধৰি যাতায়ত অব্যহত ৰাখিছে এখন জৰাজীর্ণ বাহৰ সাকােৰে। স্কুল কলেজৰ ছাত্র ছাত্রীৰ লগতে অঞ্চলবাসী দৈনিক বিপদ সংকুল ভাৱে যাতায়ত কৰিবলগীয়া হয় মৰণফান্ধ সদৃশ বাহঁৰ এখন সাকোৰে। অতি দুৰ্ব্বল এইখন সাকোৰে অঞ্চলবাসীয়ে যাতায়ত কৰে যদিও জৰুৰিকালীন অৱস্থাত কোনো ধৰণৰ গাড়ী এইখন সাকোৰে পাৰ হব নোৱাৰাত অঞ্চলবাসী জৰুৰীকালীন অৱস্থাত বহু সমস্যাৰ সন্মুখীন হব লগা হয়। বাহৰ সাকো খনেৰে যাতায়ত কৰাৰ বাবদ দুচকীয়া বাহনে ১০ টকা, আৰু খোজকাঢ়ি পাৰ হোৱা লোক সকলে ৫ টকা আদায় দিব লাগে। এই পথেৰে চমুকৈ টেঙাণি, সৰুপথাৰ, বৰপথাৰকে ধৰি বহু অঞ্চলৰ ৰাইজ যাতায়ত কৰিব কৰে। চৰকাৰৰ অমনযোগিতাৰ বাবেই বাহৰ সাকো নিৰ্মাণ কৰি যাতায়ত কৰিব লগীয়া এক বৃহত্তৰ অঞ্চলবাসী। নদীখনৰ ওপৰত এখন পকী দলং নির্মানৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অাবেদন জনোৱাৰ পিছতো কোনো সুফল পোৱা নাই অঞ্চলবীসীয়ে। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে অঞ্চলবাসীক প্ৰতিশ্ৰুতি দিছিল যে নদীখনৰ ওপৰত এখন স্হায়ী দলং নিৰ্মাণ কৰা হব কিন্তু নিৰ্বাচন যোৱাৰ পিচত ৰাজনৈতিক নেতাসকল কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে। বাহৰ সাকোৰ পৰিবৰ্তে এখন পকী দলং নিৰ্মানৰ বাবে অঞ্চলবাসীয়ে সর্বানন্দ সোনােৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক অনুৰোধ জনাইছে।