মিৰ্জা পৰা অজয় দাস, ১২ ডিচেম্বৰঃ দক্ষিণ কামৰূপৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাৰ দুখন গাঁবৰ সহস্ৰাধিক লোক স্বাধীনতাৰ ৭১ বছৰ পিছতো বঞ্চিত হৈ আছে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ পৰা। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙৰা চ’কৰ পৰা বাওঁফাললৈ শুমাই গলে পোৱা যায় শলেশালা আৰু সাথিকৰ্পা নামৰ দুখন গাঁও। এই গাঁও দুখনৰ সহস্ৰাধিক লোক আজিও সেৱন কৰিব পৰা নাই বিশুদ্ধ পানী। স্বাধীনতাৰ ৭১ বছৰ পিছতো গাঁও দুখনৰ লোকে সেৱন কৰি আছে পুখুৰীৰ আৰু নিজৰা লেতেৰা পানী। বিশেষকৈ সাথিকৰ্পাৰ লোকসকলে তৃষ্ণা নিবাৰণৰ বাবে নিজৰা আৰু পুখুৰীৰ ঘোলা পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। পশ্চিম গুৱাহাটী সমষ্টি আৰু পলাশবাৰী সমষ্টিৰ সীমামুৰীয়া বঙৰাৰ এই গাঁও দুখনৰ ৰাইজে কেইবাবাৰো চৰকাৰক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ দাবী জনাই আহিছে যদিও আজিলৈ চৰকাৰৰ পৰা কোনো ধৰণৰ সহাৰি নোপোৱাৰ ক্ষোভিত হৈ পৰিছে গাঁও দুখনৰ বাসিন্দাসকল। দুয়োখন গাঁৱৰ জনসাধাৰণৰ বাবে চৰকাৰৰ জনস্বাস্থ্য কাৰীকৰি বিভাগে আঁচনি লৈছিল যদিও এই আঁচনিসমূহ আধৰুৱা হৈ পৰি আছে। সাথিকৰ্পাৰ নীৰেন চন্দ্ৰ বড়ো নামৰ এজন লোকে চৰকাৰী পানী যোগান আঁচনিৰ বাবে নিজৰ একঠা পাঁচ লেচা মাটি দান দিছিল যদিও চৰকাৰে দুবছৰ পূৰ্বে গৃহ নিৰ্মানৰ কাম আৰম্ভ কৰি নিৰ্মান কাৰ্য আধাতে বন্ধ কৰিলে।

শলেশালা আৰু সাথিকৰ্পাৰ পথসমূহৰো অৱস্থা অতি শোচনীয়। গাঁও দুখৰ পথসমূহত ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হোৱা এই পথসমূহেৰে যাতায়াত কৰা অসম্ভৱ হৈ পৰিছে। গাঁও দুখনৰ পথসমূহ বহুবছৰ আগতে চৰকাৰে পকীকৰনৰ বাবে শিল, বালিৰ যোগান ধৰিছিল যদিও আজিলৈকে কিন্তু পথ পকীকৰণৰ কাম আৰম্ভ নহল। শলেশালা গাঁৱখন মাটিৰ সামগ্ৰী তৈয়াৰ কৰা কুমাৰসকলৰ গাওঁ। কুমাৰসকলে অতি কষ্টৰে মাটিৰ সামগ্ৰী তৈয়াৰ কৰি সামগ্ৰীসমূহ বজাৰলৈ বিক্ৰি কৰিবলৈ নিয়াৰ সময়ত যাতায়ত বাবে অনুপযোগী পথৰ ওপৰেৰে যাত্ৰা কৰোঁতে বহু সামগ্ৰী ভাঙি যায়। খোৱা পানী আৰু যাতায়তৰ বাবে উপযুক্ত পথ নথকাটো এই গাওঁ দুখৰ বাবে প্ৰধান সমস্যা যদিও স্বাস্থ্যৰ ক্ষেত্ৰতো এই গাঁও দুখনৰ অৱস্থা অতি দুখলগা। সাধাৰ এটা চিকিৎসৰ বাবে এই গাঁও দুখৰ লোক যাব লাগে বৰঝাৰত থকা অজৰা অসামৰিক চিকিৎসালয়লৈ। এতিয়া গাওঁ দুখনৰ ৰাইজৰ আশা পৰিৱৰ্তন কথা কৈ চৰকাৰ গঠন কৰা চৰকাৰখনে কেতিয়া তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিব।