কলগাছিয়াৰ পৰা স্বফিকুল হাচান, সংবাদ ৩৬৫, ১২ জুলাইঃ ৰাজ্যত পুনৰ বানৰ তাণ্ডৱ৷ বানে গৰকালে বৰপেটা জিলাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা বেকী নৈৰ দলং৷ দলঙৰ ব্যাপক খহনীয়াৰ ফলত যাতায়ত ব্যৱস্থা অতি বিপদজনক হৈ পৰিছে। দিনে নিশাই যান-বাহন চলি থকাৰ ফলত কোনোতো সময়তেই হ’ব পাৰে ভয়ানক দুৰ্ঘটনা। উল্লেখ্য যে, কোনো সদাশয় ব্যক্তিয়ে এই খহি যোৱা অংশৰ চাৰিওফালে বস্তাৰ বেৰ দিয়াত দূৰৰ পৰাই পথৰ ওপৰত থকা গাতৰ দূৰৱস্থাৰ কথা অনুমান কৰিব পাৰি। এই ক্ষেত্ৰত দলংখনৰ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ অনতি পলমে অসম চৰকাৰৰ গৰকাপ্তানী বিভাগ বা ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে এই পথটোৰ মেৰামতি কৰি সুৰক্ষিত যাতায়ত নিশ্চিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে।