বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৫ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বঙাইগাঁও জিলাৰ চেইন্ট এলবাৰ্ট স্কুলৰ ছাত্ৰী ভাস্বতী কলিতাই সৰ্বমুঠ ৫৮৮ নম্বৰসহ ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ৰে’ল বিভাগৰ কৰ্মচাৰী মনেশ্বৰ কলিতা আৰু আৰতি কলিতাৰ কন্যা ভাস্বতিয়ে দৈনিক দহৰ পৰা বাৰ ঘন্টাকৈ নিয়মীয়াকৈ অধ্যায়ন কৰিছিল৷ গান শুনি ভাল পোৱা ভাস্বতী কলিতাই নিজৰ সফলতাক লৈ অত্যন্ত সুখি বুলি জানিব দিয়ে। জিলাখনৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী গৰিয়সী দেৱীয়ে সৰ্বমুঠ ৫৮৭ নম্বৰসহ সপ্তম স্থান দখল কৰিছে। স্বাস্থ্য বিভাগৰ কৰ্মচাৰী অমিতাভ কুমাৰ শৰ্মা আৰু হীৰা দেৱীৰ একমাত্ৰ কন্যা গৰিয়সীয়ে নিজৰ এই সফলতাৰ বাবে নিজৰ পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ গীত গাই , অভিনয় কৰি ভাল পোৱা গৰিয়সীয়ে ভবিয্যতে ভাল শিক্ষয়িত্ৰী হোৱাৰ আশা মনত পুহি ৰখা বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে৷