কলগাছিয়া, ১৪ মে’ : জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়াৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছ বিধায়িনী দলৰ মূখপাত্ৰ তথা জনীয়াৰ বিধায়ক আব্দুল খালেকে সংবাদ মেল পাতি চৰকাৰৰ কৃষি বিভাগৰ অমনোযোগিতা আৰু অৱহেলাৰ বাবেই ইৰি ধানৰ পৰিৱৰ্তে পতান ওলাইছে বুলি অভিযোগ কৰি কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষিৰ ওপৰত জ্ঞান নাই বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰী গৰাকীক দিছপুৰত বহি নাথাকি খেতিত আহিবলৈ আহ্বান জনোৱাৰ উপৰি চৰকাৰৰ কৃষি বিষয়া সকল খেতি-পথাৰলৈ নাহে বুলি আন এক গুৰুতৰ অভিযোগ কৰে। লগতে ভেজাল বীজ বিক্ৰী কৰা বীজ ভাণ্ডাৰ সমূহ কেৱল বন্ধ কৰিলেই নহ’ব, তেওলোকক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি কৈ জিলা পৰ্য্যায়ৰ তদন্তত অশন্তুষ্ট প্ৰকাশ কৰি প্ৰশাসনিক উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰে বিধায়ক গৰাকীয়ে। আনহাতে কুজেন্দ্ৰ দলেক গ্ৰেপ্তাৰ কৰাৰ পিছত তেও নিজ মূখে মন্ত্ৰী জড়িত থকা বুলি কোৱাৰ লগতে ঠিকাদাৰ সকলে আদালতত মন্ত্ৰীৰ নামত বিষয়া সকলে ৩ শতাংশ ধন আদায় কৰি লয় বুলি সাক্ষ্য প্ৰদান কৰাৰ পিছতো জলসিঞ্চন মন্ত্ৰী ৰনজিৎ দত্তৰ নোম এডাল ল’ৰাব নোৱাৰিলে বুলি তাচ্ছিল্য কৰি বিজেপি চৰকাৰক দূৰ্নীতি ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ বুলি গুৰুতৰ অভিযোগ কৰে। লগতে চৰকাৰৰ যদি সৎ সাহস আছে তেন্তে মন্ত্ৰী ৰঞ্জিৎ দত্তক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰি তদন্তৰ আওতালৈ আনি জেৰা কৰিবলৈ দাবী উত্থাপন কৰে বিধায়ক খালেকে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছৰ পৰম্পৰা অনুসৰণ কৰি মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি কৈ যিদৰে কালা পাহাৰে নতুন মুছলমান হৈ মন্দিৰ ধ্বংস কৰিছিল, ঠিক সেইদৰে হিমন্ত বিশ্ব আৰু সৰ্বানন্দই বিজেপি হৈ ভাৰতবৰ্ষৰ যি ধৰ্ম নিৰপেক্ষতাৰ মন্দিৰ সেই মন্দিৰটো ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে বুলি মন্তব্য কৰে হিমন্তৰ একালৰ সতীৰ্থ বিধায়ক আব্দুল খালেকে। ইয়াৰ উপৰি বিধায়ক গৰাকীয়ে মাদ্ৰাছা সঞ্চালকালয় বিলুপ্তৰ তীব্ৰ বিৰোধীতা কৰি যি সময়ত ছেবাৰ বিৰুদ্ধে স্বয়ং শিক্ষামন্ত্ৰীয়েই অনাস্থা প্ৰকাশ কৰিছে তেনে ক্ষেত্ৰত সেই ছেবাক মাদ্ৰাছা শিক্ষা গতাই দিয়াটো কোনো কাৰণতেই মানি লোৱা নহব বুলি মন্তব্য কৰাৰ লগতে মাদ্ৰাছা সঞ্চালকালয় বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰটো মেৰুকৰণৰ বাহিৰে আন একো নহয় বুলি অভিযোগ কৰে। অৱশ্যে মাদ্ৰাছা শিক্ষাৰ আধুনিকিকৰণ হব লাগে বুলি পোষকতা কৰি, চৰকাৰে মাদ্ৰাছাৰ কাৰনে পশ্চিম বংগৰ আলিয়া বিশ্ব বিদ্যালয়ৰ দৰে এখন সুখীয়া বিশ্ব বিদ্যালয় স্থাপন কৰিলে তাত কোনো আপত্তি নাথাকিব বুলিও কয়। খালেকে ছেবাৰ বিতৰ্কৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে গ্ৰেচ মাৰ্ক বিতৰ্কৰ অৱতাৰণা কৰি হিমন্ত বিশ্ব শৰ্মাই মেধাবী ছাত্ৰ-ছাত্ৰী সকলক অপমান কৰিছে বুলি গুৰুতৰ অভিযোগ তুলি মেধাবী ছাত্ৰ-ছাত্ৰীৰ ওচৰত হিমন্ত বিশ্বই ৰাজহুৱা ক্ষমা খুজিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰে। তদুপৰি বিগত মন্ত্ৰী সভাত হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ প্ৰসংগ উত্থাপন কৰি তেতিয়া কেনেকৈ উত্তীৰ্ণ হৈছিল বুলি প্ৰশ্ন কৰাৰ লগতে সেই সময়ত তেও অজ্ঞ আছিল নে আওকান কৰিছিল সেই বিষয়ে স্পষ্ট কৰিবলৈ দাবী জনায়।
ইফালে গড়কাপ্তানী মন্ত্ৰীৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আব্দুল খালেকে কয় যে, “গড়কাপ্তানী মন্ত্ৰীয়ে সকলো বিধায়কক পথ মেৰামতিৰ বাবে ২ কোটি আৰু RIDFI আঁচনিৰ ২.৫ কোটি টকা আদায় দিব বুলি চিঠি দিছিল যদিও কিছুমান বিধায়কক এই আঁচনিৰ ২.৫ কোটি টকা আদায় দিয়া হৈছে, কিন্তু আমাক আদায় নিদিয়াত বৰ দূখ পাইছো” বুলি বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে। সম্প্ৰতি শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একালৰ সতীৰ্থ জনীয়াৰ বিধায়ক আব্দুল খালেকে সংবাদমেল যোগে এই দৰে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্বক তীব্ৰ সমালোচনাৰে তুলা-ধূনা দিয়া কাৰ্য্যই ৰাজনীতিত এক বিশেষ তাৎপৰ্য বহন কৰিছে।