নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈ আছে এটাৰ পিছত আনটো ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনা। দুদিনমান পূৰ্বে মহানগৰীৰ গডচুক আৰক্ষী চকীৰ সন্মুখত এগৰাকী মহিলাক দুৰ্বৃত্তই নিৰ্যাতন চলাই ৰাজপথত পেলাই থৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে বুধবাৰে হোজাই জিলাৰ কপাহবাৰীত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হয় এগৰাকী ধৰ্ষিতা যুৱতী। জানিব পৰা মতে নগাঁও জিলাৰ চামগুৰীৰ পৰা ট্ৰাক চালক এজনে ট্ৰাকত এগৰাকী যুৱতীক তুলি আনি মঙলবাৰে নিশা দলবদ্ধ ধৰ্ষন কৰি হোজাই জিলাৰ কপাহবাৰীত ৰাজপথত পেলাই থৈ যায়। বুধবাৰে পুৱাৰ ভাগত কপাহবাৰীৰ স্থানীয় ৰাইজে ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যুৱতী গৰাকীক পৰি থকা অৱস্থাত দেখা পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি নীলবাগান মডেল চিকিৎসালয়ত ভৰ্তি কৰায় যদিও যুৱতী গৰাকীৰ অৱস্থা গুৰুত্বৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যুৱতী গৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে এই ধর্ষণকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো লোকক আটক কৰিব পৰা নাই।