লংকা, ১২জুলাইঃ হোজাই আমবাৰীত জিলা কৃষি বিভাগৰ উদ্যোগত বানপীড়িত কৃষকক চৰকাৰী বীজ বিতৰণ কৰা হয় । আমবাৰী গাওঁ পঞ্চায়তৰ সমূহীয়া ভৱনত  অনুষ্ঠিত বীজ বিতৰণি সভাখন পৰিচালনা কৰে গাওঁ পঞ্চায়তৰ সভাপতি আব্দুল হান্ননে। সভাত হোজাই  জিলাৰ কৃষি বিষয়া নিতাই চন্দ্ৰ দাস, দেৱস্থান চক্ৰ কৃষি উন্নয়ন বিষয়া বিউটি গগৈ, কৃষি সম্প্ৰসাৰণ সহায়ক ৰমজান আলী ভূঞা আৰু অনুপ কুমাৰ দে উপস্থিত থাকি প্ৰায় পাঁচ শতাধিক কৃত্ৰিম বানত ক্ষতিগ্ৰস্থ কৃষকৰ মাজত বীজ বিতৰণ কৰে। জিলা কৃষি বিষয়া নিতাই চন্দ্ৰ দাসে কৃষকৰ বাবে চৰকাৰে প্ৰদান কৰা সকলো সা সুবিধাৰ বিষয়ে অৱগত  কৰে। তেওঁ বৰ্ণসংকৰ ধানৰ কৃষি পদ্ধতিৰ বিষয়ে ৰাইজক বিৱৰি জনায়। সভাত হাইব্ৰিট পড্ডি বীজ  চি আৰ এইচ আৰ ৫ আৰু নবীন বীজ বিতৰণ কৰে।