ওদালগুৰি, সংবাদ ৩৬৫, ১২জুলাইঃ ওদালগুৰিৰ হৰিশিঙাত কেইবাকোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা মডেল হস্পিতালখন উদ্ধোধন হোৱাৰ পূৰ্বেই হস্পিতাল খনৰ বিল্ডিঙত কেইবা ঠাইটো ফাট মেলাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তদন্ত দাবী কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৰিশিঙা আঞ্চলিক সমিতি আৰু এবছু নেতা ৰিঞ্জয় বড়োয়ে অশোক বাজাজে সমগ্ৰ জিলা খনতে এনে ধৰনৰ কাম চলাই আছে বুলি এন এইচ এম ৰ বিষয়া, অভিযন্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি উচিত তদন্তৰ দাবী কৰে৷ এই বিষয়ে এন এইচ এম জিলা কতৃপক্ষক অভিযোগ কৰাত এন এইচ এম কতৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে এবছু নেতা জনে৷ যদিহে এইবাৰ হস্পিতালৰ কাম পুনৰ ভালকৈ নকৰে তেন্তে হস্পিতালখন উদ্ধোধন কৰিবলৈ বাধা দিব বুলি হুংকাৰ প্ৰদান কৰে এবছু নেতাজনে৷