অনলাইন ডেস্ক, ১৬ মেঃ পৰিচালক আৰএছ ৰাজামৌলিৰ ছবি বাহুবলী ২ বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটিৰ ক্লাবত অন্তৰ্ভূক্ত হোৱাৰ পিছত আমিৰ খানৰ অভিনীত চলচিত্ৰ ডঙ্গলে এইবাৰ সেই একে পথকে অনুসৰণ কৰি ভাৰতীয় চিনেমাক গৌৰবান্বিত কৰি তুলিলে। ২০১৬ চনত ডঙ্গল মুক্তি পোৱাৰ পিছত বিপুল ব্যৱসায় কৰাৰ লগতে দৰ্শকৰ সমাদৰ লাভ কৰে৷ মে মাহত চীনত মুক্তি পোৱাৰ পিছত ১০০০ কোটিৰ তালিকাত অন্তৰ্ভূক্ত হয় নীতেশ তিৱাৰীৰ পৰিচালিত এই চিনেমা। বক্স অফিচ ইণ্ডিয়া ডট কমৰ মতে এই ছবি মুক্তিৰ ১০ দিনৰ ভিতৰতেই ৩৮২ কোটি টকাৰ ব্যৱসায় কৰিছিল৷ বৰ্তমানলৈকে বিশ্বব্যাপী সকলো ভাষাত মিলি ডঙ্গলে ১,১০০ কোটি টকাৰ ব্যৱসায় কৰিছে৷ প্রথম বলিউডী চলচিত্ৰ হিচাপে ৩৬০ কোটি টকাৰ ব্যৱসায়ৰ অংক স্পষ্ট কৰিছে এই চিনেমাখনে। হিন্দী চিনেমাৰ এই ছবিখনেই সকলোতকৈ ভাল ব্যৱসায় কৰিছে বুলি জানিব পৰা গৈছে৷ ডঙ্গল নামৰ এই ছবিখনত ভাৰতীয় মল্লযুঁজাৰু মহাবীৰ সিং ফুগাট আৰু তেওঁৰ দুই কন্যা গীতা আৰু ববিতা ফুগাটৰ বাস্তৱ জীৱনক দাঙি ধৰিছে পৰিচালক নীতেশ তিৱাৰীয়ে৷ চলচিত্ৰখনত মহাবীৰ সিং ফুগাটৰ ভূমিকাত দেখা গৈছে আমিৰ খানক।