গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুলাইঃ অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত আৰু সাৰথি হেচ্ছাৰীৰ সহযোগত মঙলবাৰে পাঞ্জাবাৰীস্থ অসম পশুধন নিগমৰ কাৰ্যলয়ত গুৱাহাটী মহানগৰী আৰু ইয়াৰ চুবৰীয়া অঞ্চলৰ প্ৰায় ১০০ গৰাকী নিবনুৱা যুৱক-যুৱতী আৰু কুকুৰা পালকৰ মাজত কুকুৰা পোৱালী বিতৰণ কৰা হয়। নিগমৰ ফালৰ পৰা নিবনুৱা যুৱক-যুৱতী আৰু কুকুৰা পালকৰ মাজত বিতৰণ কৰা উন্নত মানৰ কুকুৰা পোৱালীৰ প্ৰতিটো পোৱালীয়ে বছৰত ১৭০-২০০ টা কণী পাৰিব। সাধাৰণতে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত চাকৰিৰ বিচাৰি সময় নষ্ট কৰা ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতী সকলে বিভিন্ন কৃষি কাৰ্যৰ লগতে বৈজ্ঞানীক পদ্ধতিৰে পশু পালন আৰু হাঁহ-কুকুৰা পালনৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী কৰাৰ লগতে আন যুৱক-যুৱতী সকলোকো এই কাৰ্যৰ লগত জড়িত হোৱাৰ বাবে উৎসাহিত কৰিব পাৰে বুলি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিগমৰ অধ্যক্ষ মনোজ শইকীয়া কয়। অধ্যক্ষ মনোজ শইকীয়াই আৰু কয় যে হাঁহ-কুকুৰা পালনেৰে নিবনুৱা যুৱক-যুৱতী সকলৰ লগতে গৃহনী সকলেও ঘৰতে বহি উপাৰ্জন কৰিব পাৰে। ৰাজ্যত কণীৰ চাহিদা অনুপাতে উৎপাদন কম হোৱাত প্ৰতি দিনে আমি লাক্ষাধিক টকাৰ কণী বহিঃৰাজ্যৰ পৰা ক্ৰয় কৰিব লগীয়া হয়, যদি ৰাজ্যৰ যুৱক-যুৱতী সকলে হাঁহ-কুকুৰা পালনক অধিক গুৰিত্বসহকাৰে গ্ৰহণ কৰে তেন্তে আমি দেশৰ অন্যান্য ৰাজ্যলৈ কণী ৰপ্তানি কৰিব পাৰিম বুলিও মন্তব্য প্ৰকাশ কৰে অধ্যক্ষ মনোজ শইকীয়াই। কুকুৰা পোৱালী বিতৰণি অনুস্থানত অসম পশু নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ লগতে উপস্থিত থাকে দিপালী দেৱী, ডঃ পি এন কোঁৱৰ, ডঃ এন ঠাকুৰীয়া। অনাগত দিনত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে নিগমৰ ফালৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে অধ্যক্ষ গৰাকীয়ে।