গুৱাহাটী : ৮২টা বসন্ত গৰকা অসমীয়া চলচ্চিত্র উদ্যোগৰ বৰ্ণিল পৰিক্ৰমাক অধিক উদ্ধৃদ্ধ তথা অনুপ্ৰাণিত কৰাৰ মানসেৰে A M Television private Limited-এ পুনৰবাৰ আয়োজন কৰিছে উত্তৰ-পূবৰ সৰ্ববৃহৎ মেগা ইভেণ্ট ‘প্রাগ চিনে এৱার্ড-নৰ্থ-ইষ্ট-২০১৭”। ২০০১ চনৰ ৪ মাৰ্চত আত্মপ্রকাশ ঘটা অসম তথা উত্তৰ-পূবৰ ব্যক্তিগত খণ্ডৰ প্ৰথমটাে টেলিভিছন চেনেল ‘প্রাগ নিউজ’ কর্তৃপক্ষই জন্মৰ দুটা বছৰ পাছত অর্থাৎ ২০০৩ চনৰে পৰা এক বৃহৎ সাংস্কৃতিক পৰিসৰক সামৰি বিশিষ্ট জুৰি সমিতিৰ নির্বাচনৰ ভিত্তিত বিভিন্ন শিতানত শ্রেষ্ঠত্বৰ স্বীকৃতিৰে অসমীয়া চলচ্চিত্ৰজগতক উদ্ধৃদ্ধ কৰাৰ মানসেৰে প্ৰদান কৰি আহিছে ‘প্রাগ চিনে এৱাৰ্ড”। ৰাজ্যখনৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা দায়িত্ববোধক সামাজিক ৰূপ দিয়াৰ উদ্দেশ্যেই ‘প্রাগ নিউজ”-এ অনুষ্ঠিত কৰি অহা ‘প্রাগ চিনে এৱার্ড-নৰ্থ-ইষ্ট’-এ এইবেলি সম্পূর্ণ কৰিব ১৪টা বছৰৰ এক বর্ণিল পৰিক্ৰমা। উল্লেখযোগ্য যে বৰ অসমৰ সাংস্কৃতিক ঐক্য তথা সমন্বয়ৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যেৰে বড়োফা উপেন্দ্রনাথ ব্ৰহ্মাৰ আপোন ভূমিত বি, টিচি, ৰ সহযোগত এইবাৰ অহা ১৭ আৰু ১৮ জুনত দুদিনীয়াকৈ কোকোৰাঝাৰত ‘প্রাগ চিনে এৱার্ড-নৰ্থ-ইষ্ট-২০১৭* অনুষ্ঠিত হ’ব। পূৰ্বৰ দৰে প্ৰাগ চিনে এৱাৰ্ডত অন্তর্ভুক্ত কৰা হৈছে উত্তৰপূর্বাঞ্চলক। এইবাৰৰ ‘প্রাগ চিনে এৱার্ড-নৰ্থ-ইষ্ট-২০১৭৷’কাৰ্যসূচীত ২০১৬ বৰ্ষত চেঞ্চৰ হােৱা সৰ্বমুঠ ৩৫খন চলচ্চিত্ৰৰ মাজৰ পৰা ২৩টা শিতানত শ্রেষ্ঠত্বৰ ভিত্তিত বঁটা প্ৰদান কৰা হ’ব। আনহাতে, উত্তৰ-পূৰ্বাঞ্চলক সামৰি প্ৰদান কৰা হ’ব শ্রেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ পৰিচালক, শ্রেষ্ঠ অভিনেতা আৰু শ্রেষ্ঠ অভিনেত্রীৰ বঁটা। তদুপৰি অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে জন্মলগ্নৰে পৰা প্রদান কৰি অহা ‘প্ৰাগ চিনে এৱার্ড-নৰ্থ-ইষ্ট-২০১৭ৰৈ জীৱনজোৰা সাধনা বঁটা এইবেলি আগবঢ়োৱা হ’ব প্রখ্যাত চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাক। উল্লেখযোগ্য যে ইয়াৰ পূর্বে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, জ্ঞানদা কাকতি, আব্দুল মজিদ, নিপন গোস্বামী, বিজু ফুকন, মৃদুলা বৰুৱা, বিষ্ণু খাৰঘৰীয়া আৰু বিদ্যা ৰাওলৈ এই সন্মান আগবঢ়োৱা হৈছিল। উদ্যোক্তাসকলে জনোৱা মতে এইবেলি ‘প্ৰাগ চিনে এৱাৰ্ড-নৰ্থ-ইষ্ট-২০১৭ৰৈ সমগ্র কাৰ্যসূচী একাধিক স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় টেলিভিছন চেনেলযোগে সম্প্রচাৰ হােৱাৰ লগতে প্রত্যেক বছৰৰ দৰে এইবেলিও বলীউডৰ প্ৰখ্যাত তাৰকা উপস্থিত থাকিব।