খাৰুপেটিয়া, ২০ অক্টোবৰঃ অবৈধ বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক সন্দেহ যুক্ত বাংলাদেশী সজাই অত্যাচাৰ বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মুছলিম ছাত্ৰ সন্থাই৷ এনআৰচি আৰু ডি ভোটাৰ সন্দৰ্ভত ওদালগুৰিৰ ৰাণীপুখুৰী এমই স্কুলৰ খেলপথাৰত এক বিশাল গণসমাবেশৰ আয়োজন কৰা হয়।গণসমাবেশত ভাষণ প্ৰসংগত মুছলিম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা বদৰুল ইছলামে প্ৰায় দুই হাজাৰো অধিক লোকৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰক বহি ৰাজ্যত কাম কৰিবলৈ যোৱা মুছলমান সকলৰ অবৈধ বাংলাদেশী সজাই অত্যাচাৰ বন্ধ কৰাৰ আহ্বান জনায়৷ মুছলিম ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি মিয়াৰুল ইছলামে গণসমাবেশখনত সভাপতিত্ব কৰি জাতিগত ভাৱে বিবেচনা নকৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা সকলো লোককে বিদেশী বুলি চিনাক্ত কৰি বাংলাদেশলৈ পঠিয়াই দিব লাগে বুলি মত প্ৰকাশ কৰে। গণসমাবেশত মুছলিম ছাত্ৰ সন্থাই ১৯৭১ চনৰ পিচত অহা হিন্দু মুছলমান কোনো বিদেশীয়েই অসমত থাকিব নোৱাৰিব বুলি সদৰি কৰি অসম চুক্তিক সমৰ্থন কৰা মুছলিম ছাত্ৰ সন্থাই কেতিয়াও বিদেশীৰ ক্ষেত্ৰত আপোচ নকৰাৰ হুংকাৰ দিয়ে। বিশাল গণ সমাবেশত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ইয়াহ ইয়া আহমেদ, উপ সভাপতি বাহাৰুল ইছলাম, আব্দুৰ ৰৌফ, সম্পাদকদ্বয় হাফিজুৰ ৰহমান, মইনুল হক চৌধুৰী, ওদালগুৰি জিলা আমছুৰ সাধাৰণ সম্পাদক মহিবুল ইছলামকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।