যোধপুৰ, সংবাদ ৩৬৫, ৫ এপ্ৰিলঃ ১৯৯৮ চনৰ বহুচৰ্চিত কৃষ্ণ মৃগ চিকাৰৰ গোচৰত বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক দোষী সাব্যস্ত কৰা হয়। যোধপুৰ এক আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ চিকাৰৰ গোচৰত ছলমান খানক দোষী সাব্যস্ত কৰিছে। আদালতে এই গোচৰৰ পৰা দোষমুক্ত কৰে অভিনেতা ছৈফ আলী খান, অভিনেত্ৰী সোণালী বেন্দ্ৰে, নীলিম আৰু তাব্বুক। বৃহস্পতিবাৰে এই ২০ বছৰ পুৰণি বহুচৰ্চিত কৃষ্ণ মৃগ চিকাৰৰ গোচৰৰ শুনানি সময়ত আটাইকেইজন অভিযুক্ত যোধপুৰ আদালতত উপস্থিত থাকে। ছলমানৰ বিৰুদ্ধে থকা ৪ টা গোচৰৰ ভিতৰত ৩ টা গোচৰত ছলমান দোষমুক্ত হয় যদিও ১ টা গোচৰত দোষী সাব্যস্ত কৰা হয়। আনহাতে এই গোচৰত অভিযুক্ত অভিনেতা ছৈফ আলী খান, অভিনেত্ৰী সোণালী বেন্দ্ৰে, নীলিম আৰু তাব্বুৰ বিৰুদ্ধে প্ৰমাণ নথকাৰ বাবে দোষমুক্ত ঘোষণা কৰা হয়। দোষী সাব্যস্ত হোৱা ছলমান খানৰ সৰ্বোচ্চ ৬ বছৰ আৰু সৰ্বনিম্ন ৩ বছৰ কাৰাবাস হব পাৰে।