গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ ৬৭সংখ্যক গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞীৰ মুকুট লাভ কৰিলে কাৰ্বি আংলঙৰ জীয়ৰী জাগৃতি সন্দিকৈয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাতগৰাকী বৰ বিহুৱতীক পৰাজিত কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে কাৰ্বি আংলঙৰ জীয়ৰী জাগৃতিয়ে।বিহু সম্ৰাজ্ঞীৰ উপহাৰস্বৰূপে জাগৃতিয়ে লাভ কৰিলে নগদ ৫১ হাজাৰ টকাৰ লগতে বিভিন্ন উপহাৰৰ। বিহু সম্ৰাজ্ঞীৰ মুকুট লাভ কৰিবলৈ সক্ষম হোৱা জাগৃতি সন্দিকৈক নেমকেয়াৰ হাস্পাতালৰ ফালৰ পৰা কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰা হব। জাগৃতি সন্দিকৈৰ লগতে শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় দেৱজিত্‍ তামুলীয়ে। আনহাতে লতাশিল বিহু সন্মিলনীৰ বিহুকুঁৱৰী আৰু বিহুৰাণীৰ খিতাপো ঘোষণা কৰা হয়। বিহুকুঁৱৰীৰ খিতাপ দখল কৰে গোলাঘাটৰ নয়না ভৰালী আৰু বিহুৰাণীৰ খিতাপ অৰ্জন কৰে দুলীয়াজানৰ মৌচুমী টায়েই।