গুৱাহাটী, সংবাদ ৩৬৫, ২২ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ জনপ্ৰিয় বঙালী খাদ্যসম্ভাৰৰ ৰেস্তোঁৰা ৬ বলিগঞ্জ প্লেচএ বঙালী খাদ্য খাই ভালপোৱা সকলৰ বাবে আগবঢ়াছে এক বিশেষভাৱে প্ৰস্তুত কৰা থালীৰ তালিকা। ইয়াৰ মূলৰ দ্বাৰা অনুপ্ৰাণিত হৈ লাচিত নগৰৰ নলিনী প্লাজাৰ মেজেনাইন ফ্লোৰত অৱস্থিত ৰেস্তোঁৰাখনে আগবঢ়াইছে সতেজ আৰু আকর্ষণীয় ডিশ্বৰ সংযােজনৰ লগতে নতুন জুটি দিব পৰাকৈ প্ৰিয় সম্ভাৰ৷ ৬ বলিগঞ্জ প্লেচৰ নতুন মেনু বিশেষভাৱে প্ৰস্তুত কৰছে চেলিব্ৰেটী চেফ তথা সহস্বত্বাধিকাৰী সুশান্ত সেনগুপ্তই, য’ত আছে নিৰামিষ থালীৰ বাবে ভাত, লুচি,পৰাঠা, দাইল, শাক ভাজি, শুকতা, পাচলীৰ এটা ডিশ্ব, চাটনি আৰু ডেজার্ট, আনহাতে আমিষাহাৰীৰ বাবে সংযােজন কৰা হৈছে ক্ৰমে মাছ, চিকেন, মাটন, প্রন বা ইলিশ মাছ। নিৰামিষ থালীৰ দাম নিৰ্ধাৰণ কৰা হৈছে ২৪০ টকা, ইফালে মাছৰ থালী উপলব্ধ ২৮৫ টকাত, চিকেন থালী ৩০০ টকাত, মাটন আৰু প্ৰন থালী উভয়েই ৩৮৫ টকাকৈ আৰু হিলছা থালী ৭২৫ টকাত উপলব্ধ। এই নতুন থালী মেনু ২২ ফেব্ৰুৱাৰীৰ পৰা উপলব্ধ কৰা হৈছে নির্বাচিত মেনুৰ সৈতে। এই বিশেষ ধাৰণাৰ বিষয়ে উল্লেখ কৰি, চেফ সুশান্ত সেনগুপ্তই কয়, “এই থালীৰ ধাৰণা সমগ্ৰ ভাৰতজুৰি জনপ্রিয়, কাৰণ ইয়াত ভিন্নতাৰ সুবিধা থাকে যাৰ বাবে এখন প্লেটতেই এজন ব্যক্তিয়ে বিভিন্ন জুটি ল’ব পাৰে কম মূল্যতে। খাদ্যৰসিকসকলে কেতিয়াবা ইয়াক বেছি পছন্দ কৰে কিয়নাে ইয়াক সুকীয়া সুকীয়াকৈ ষ্টাৰ্টাৰ, মেইন কোছ নাইবা ডিজার্ট অৰ্ডাৰ কৰিব নালাগে। গুৱাহাটীত আছে সম্ভাৱনাময় যুৱ প্ৰজন্মৰ ভিৰ আৰু আমি নিশ্চিত যে অন্যবােৰৰ দৰে এই থালীয়েও ব্যাপক জনপ্রিয়তা লাভ কৰিব।” ২০১৬ চনত গুৱাহাটীত মুকলি হােৱাৰ পিছৰে পৰা ৬ বলিগঞ্জ প্লেচ অভিজাত বঙালী খাদ্যসম্ভাৰৰ ৰেস্তোঁৰা হিচাপে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। এই বেংগলী ৰেস্তোঁৰা চেইন মূলত দক্ষিণ কলকাতাৰ বলিগঞ্জত অৱস্থিত যি ২০০৩ চনত স্থাপন হৈছিল। বহুতাে প্রতিষ্ঠিত সংস্থা যেনে ল’নলী প্লেনেট, নেচনেল জিঅ’গ্ৰাফিক, আমেৰিকান এক্সপ্ৰেছ, দ্য টেলিগ্রাফ আৰু বহুতৰেপৰা ই বঁটা আৰু সন্মান লাভ কৰিছে। যিসকল উজ্বল জ্যোতিষ্ঠই এই স্থানক আলােকিত কৰিছে তেওঁলােকৰ ভিতৰত আছে ঋষি কাপুৰ, আশা ভােচলে, সৌৰভ গাংগুলী, নাছিৰুদ্দিন শ্বাহ, দিলীপ কুমাৰ আৰু শ্বায়েৰা বানু, টুইংকল খান্না, ছান আৰু বহুতাে। আনহাতে ই হৈছে ভাৰতৰ প্ৰথম ৰিটেইল আউটলেট যিয়ে ইয়াৰ ঠিকনাটোকে ট্ৰেডমাৰ্ক হিচাপে পঞ্জীয়ন কৰিছে।