বাক্সা, সংবাদ ৩৬৫ , ১৭ জুলাইঃ বাক্সা জিলাৰ বগামাটীত ১২ জুলাইৰ পৰা আৰম্ভ হৈছে ৭ দিনীয়া দুঃসাহসিক জলক্ৰীড়া প্ৰশিক্ষণ শিবিৰ ( ৱাটাৰ ৰাফটিং) । অসমৰ এচাম মাউণ্টেনিয়াৰিং এণ্ড এডভান্সৰ ইন্সটিটিউটৰ আয়োজিত আৰু ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ সহযোগত এই দুঃসাহসিক জলক্ৰীড়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হয়। ক্ৰীড়া প্ৰশিক্ষক তথা অসমৰ প্ৰথম এভাৰেষ্ট আৰোহী তৰুণ শইকীয়াৰ তত্বাৱধানত আয়োজিত হোৱা প্ৰশিক্ষণ শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা ৪২ গৰাকী প্ৰশিক্ষাৰ্থী উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । বগামাটীৰ সমীপৱৰ্তী ভোলাঝাৰ উপৰখুটি উচ্চততৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হয় অস্থায়ী শিবিৰ । মূখ্য প্ৰশিক্ষক অৰুণাচলৰ বৰাং টালাঙে সহিত অন্য ৯ জন প্ৰশিক্ষকৰ সহযোগত প্ৰশিক্ষাৰ্থীসকলক হোৱাইট ৱাটাৰ ৰাফটিংৰ বিভিন্ন দিশ, সুৰক্ষা কৌশল আদিৰ ব্যৱহাৰিক কাৰিকৰী জ্ঞান আদি প্ৰদান কৰা হৈছে । উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ দ্বাৰা অসমত পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এই দুঃসাহসিক জলক্ৰীড়া প্ৰশিক্ষণ শিবিৰ । এই প্ৰশিক্ষণে অসমৰ দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব । ইতিমধ্যে অসমৰ দুঃসাহসিক পৰ্যটন মানচিত্ৰত বগামাটী এক জনপ্ৰিয় স্থান হিচাপে চিহ্নিত হোৱাত স্থানীয় লোকসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগটোলৈ ধন্যবাদ জ্ঞাপন কৰে শিখৰ এডভেঞ্চাৰ ক্লাৱ, গ্ৰীণ ট্ৰেক এজেঞ্চীৰৰ লগতে স্থানীয় সচেতন লোকসকলে ।