ৰঙিয়া, ১৩ এপ্ৰিলঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীৰ শান্তিপুৰৰ ১৬ টা পৰিয়ালক ৰঙিয়া ৰাজহ চক্ৰ বিষয়াই উচ্ছেদৰ জাননী দিয়াত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াত সৃষ্টি হৈছে। খিলঞ্জীয়া লোকক কোনো কাৰণ নোহোৱাকৈ উচ্ছেদৰ জাননী দিয়াত গাঁৱৰ বাসিন্দা সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। প্রশাসনৰ উচ্ছেদৰ জাননীৰ তীব্ৰ বিৰোধিতা কৰি শান্তিপুৰবাসীয়ে আজি এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চৰকাৰ হায় হায়, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া মুর্দাবাদ, আমাক উচ্ছেদ কৰা নচলিব শ্লো’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে মাৰি পেলালেও ঘৰ মাটি এৰি নাযাওঁ বুলি মত প্ৰকাশ কৰি গাওঁবাসীয়ে ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰ খনক সঁকীয়াই দিয়ে। উল্লেখ্য যে, ২০০০ চনৰ প্ৰলয়ংকৰী বানত তুলসীবাৰীৰ জয়ন্তীপুৰ চুবাৰ এই ১৬ টা পৰিয়ালৰ ঘৰ মাটি বৰলীয়া নৈত জাঁহ গৈছিল। ভেঁটি, মাটি নৈত উটি যোৱা এই পৰিয়াল কেইটাক তদানীন্তন চৰকাৰখনে ৰঙিয়া মহকুমা প্রশাসনৰ সহযোগত তুলসীবাৰীৰ শান্তিপুৰৰ চৰকাৰী ভূমিত সংস্থাপন কৰিছিল। এই ক্ষেত্রত তদানীন্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে এই পৰিয়াল কেইটাৰ সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এনেদৰে ১৬ বছৰ উকলি যোৱাৰ পিছত প্ৰশাসনে পৰিয়ালকেইটাক চৰকাৰী ভূমিৰ পৰা আঁতৰি যাবলৈ জাননী দিয়াত গোটেই ৰঙিয়া অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাতি-মাটি-ভেঁটি ৰক্ষাৰ কথা কৈ চৰকাৰ গঠন কৰা চৰকাৰলৈ এই ১৬ টা পৰিয়ালৰ প্ৰশ্ন  ৰামদেৱক ব্যৱসায়ৰ বাবে যদি ভূমি আৱণ্টন দিব পাৰি যদি আমাক কিয় ভূমি দিব নোৱাৰি?  খিলঞ্জীয়াৰ কথা কৈ চৰকাৰ গঠন কৰি খিলঞ্জীয়াকে পাহৰিলে বুলি উচ্ছেদৰ জাননী পোৱা লোকসকলে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷