চাৰি মাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্রী

ৰঙিয়া, ১৮ এপ্ৰিল: ৰঙিয়াত সৰ্বশিক্ষা অভিযানৰ ফোঁপোলাস্বৰূপ, বিদ্যালয়ত চাৰি মাহ ধৰি বন্ধ মধ্যাহ্ন ভোজন। ৰঙিয়াৰ মাজ-মজিয়াত থকা এখন বিদ্যালয়ত বিগত চাৰি মাহ ধৰি বিদ্যালয় পৰিচালনা সমিতিয়ে মধ্যাহ্ন ভোজন বন্ধ কৰি দিয়াত ছাত্ৰ-ছাত্রীসকল বঞ্চিত হৈ আছে মধ্যাহ্ন ভোজনৰ পৰা। ১৯৩৬ চনতে স্থাপিত হোৱা ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈকে আছে ৪২৪ গৰাকী শিক্ষাৰ্থী আৰু বিগত চাৰি মাহ ধৰি এই শিক্ষাৰ্থীসকল মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈ শিক্ষা গ্ৰহন কৰিব লগাত পৰিছে। বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপক কলিতাই জানিবলৈ দিয়া মতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে বিদ্যালয়ৰ যুটীয়া একাউণ্টৰ চেকত স্বাক্ষৰ নকৰাৰ বাবে বেংকৰ পৰা ধন উলিওয়াব পৰা নাই অধ্যক্ষ গৰাকীয়ে। গতিকে বেংকত টকা থাকিও উলিয়াব নোৱাৰাৰ বাবে এইদৰে চাৰি মাহ ধৰি ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ আছে মধ্যাহ্ন ভোজনৰ পৰা। দুখীয়া পৰিয়ালৰ এই ছাত্ৰ-ছাত্ৰীসকল দুপৰীয়া জিৰণিৰ সময়ত অনাহাৰে থাকি শিক্ষা গ্ৰহণ কৰিব লগাত পৰিছে। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে ফুটপাথৰ ওপৰত থকা দোকানৰ পৰা খাদ্য সামগ্ৰী কিনি খাব লগত পৰিছে। পৰিচালনা সমিতিৰ সভাপতি এই কাৰ্যই সৰ্বশিক্ষা অভিযানক বৃদ্ধাংগুষ্ঠ দেখুৱাৰ লগতে উচ্চতম ন্যায়লয়ৰ নিৰ্দেশকো অৱমাননা কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষও উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগো উত্থাপিত হৈছে।