ৰঙিয়া, ২১ এপ্ৰিলঃ ৰঙিয়াত ৮ কোটি টকীয়া এখন পকী দলং নিৰ্মাণক লৈ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷  টিহুৰ জিতেন্দ্ৰ ডেকা নামৰ ঠিকাদাৰজনে ঠিকা  লাভ কৰাৰ ১০ বছৰৰ পিছতো দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাত স্থানীয় বাসিন্দাসকল ক্ষুদ্ধ হৈ পৰিছে৷ ৰঙিয়াৰ সমীপৱৰ্তী বাক্সাৰ দলংঘাটত পুঠিমাৰী নৈৰ ওপৰত থকা এই পকী দলংখন নিৰ্মাণৰ কাৰণে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১০ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু টিহুৰ জিতেন্দ্ৰ ডেকা নামৰ ঠিকাদাৰ জনে বিগত ১০ বছৰ ধৰি দলংখন নিৰ্মাণ কাম সম্পূৰ্ণ নকৰাত জীয়াতু ভুগিছে প্ৰায় ৫০ খন গাৱঁৰ বাসিন্দাই৷ পকী দলং অবিহনে  বৃহত্তৰ অঞ্চলকেইটাৰ স্থানীয় ৰাইজে কেতিয়াবা জৰাৰ্জীণ বাঁহৰ দলঙেৰে, আকৌ কেতিয়াবা ৰেলৰ দলঙেৰে বিপদজনক ভাৱে যাতায়ত কৰিছে৷ বৰ্তমান কেইবাদিনো ধৰি ঠিকাদাৰজনৰ কোনো শুংসূত্ৰ নথকাত দলং নিৰ্মাণত নিয়োজিত শ্ৰমিকসকলৰ মাজত ধন আৰু খাদ্যৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দলংখন নিৰ্মানৰ কাম শীঘ্ৰে সৰ্ম্পূণ কৰাৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলটোৰ বাসিন্দা৷ ইএম মহেশ্বৰ বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও সোঁচ্চৰ হৈ পৰিছে স্থানীয় ৰাইজ৷ তেওঁলোকে শীঘ্ৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ ৰাইজৰ প্ৰশ্নঃ অতি গুৰুত্বপূৰ্ণ এই ৮ কোটিটকীয়া দলংখন নিৰ্মাণ কাম সম্পূৰ্ণ হ’ব নে এনেদৰে ৰাজনৈতিক মেৰপেচত থমকি ৰ’ব ৰাজ্যৰ উন্নয়ন৷