ৰঙিয়া, ২১ এপ্ৰিলঃ নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখন আজি ৰঙিয়া ষ্টেচনত যান্ত্ৰিক বিজুতি ঘটাত ষ্টেচনটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ কেন্দুকোণাত কোনো ব্যক্তিয়ে দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী এই ৰাজধানী এক্সপ্ৰেছখনৰ চেইন টানি দিয়াত ৰেলখনৰ বিজুতি ঘটে আৰু ৰঙিয়া ষ্টেচন আহি পোৱাৰ পিছত অচল হৈ পৰে৷ ততাতৈয়াকৈ ৰেল বিশেষজ্ঞৰ দল ৰঙিয়া ষ্টেচনত উপস্থিত হৈ  ৰাজধানী এক্সপ্ৰেছখনৰ মেৰামতি কৰে৷ এক্সপ্ৰেছখনৰ এই বিজুতিৰ ফলত ৰঙিয়াৰ লগতে কোন্দুকোণা, ঘগ্ৰাপাৰ আৰু নলবাৰী ষ্টেচনত বহু কেইখন ৰেল আবদ্ধ হৈ পৰে৷ ইয়াৰ কাৰণে দৈনিক ৰেলযোগে যাতায়ত কৰা যাত্ৰীসকল ঘন্টাৰ পিছত ঘন্টা আপেক্ষাৰত হয়৷ বিশেষজ্ঞ দলে প্ৰায় এঘন্টা পিছত ৰাজধানী এক্সপ্ৰেছখনৰ মেৰামতি কৰিবলৈ সক্ষম হয়৷