ৰঙিয়া, ১৯ এপ্ৰিলঃ ৰঙিয়া ৰেল জংচনলৈ যাতায়তৰ একমাত্র পথটো মেৰামতিৰ দাবীত আজি অঞ্চলটোৰ বাসিন্দাই ষ্টেচনৰোডত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷  দূৰ যাত্ৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত ৰঙিয়াৰ ষ্টেচনৰোডটো দীৰ্ঘদিন ধৰি মেৰামতি অভাৱত জৰাজীৰ্ণ ৰূপ লৈছিল। বৰষুণৰ বতৰত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰা পথটোৰ মেৰামতিৰ কাৰণে স্থানীয় বাসিন্দাই প্ৰশাসনক বাৰাম্বাৰ দাবী জনাই আহিছিল৷ তৎসত্বেও প্ৰশাসনে পথটো মেৰামতিৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আজি ক্ষুদ্ধ জনতাই  ৰঙিয়া পৌৰসভা আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীয়ে দুঘণ্টাৰো অধিক ৰেলষ্টেচন সংযোগী পথটো অৱৰোধ কৰি ৰখাত আৰক্ষী আৰু জিলা  দণ্ডাধীশ  প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে। ৰঙিয়া ৰেল জংচনলৈ যাতায়তৰ একমাত্র পথটো মেৰামতি শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনাই ক্ষুদ্ধ জনতাই ৰঙিয়াৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । লগতে চৰকাৰ তথা প্ৰশাসনে শীঘ্ৰে পথটো মেৰামতিৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত জোৰদাৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।