ৰঙিয়া, সংবাদ ৩৬৫, ২১ মেঃ ৰঙিয়া ৰে’ল ষ্টেচনত সোমবাৰে আৰপিএফৰ জোৱানে এক অভিযান চলাই ৰাঙাপাৰাৰ ৬ গৰাকী কিশোৰী আৰু যুৱতীক উদ্ধাৰ কৰে। জানিব পৰা মতে এগৰাকী যুৱতীয়ে কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে তিনি গৰাকী নাবালিকাসহ মুঠ ৬ গৰাকী কিশোৰী আৰু যুৱতীক মুম্বাইলৈ নিয়াৰ প্ৰাক মুহূৰ্তত আৰপিএফৰ জোৱানে উদ্ধাৰ কৰে।আৰপিএফৰ জোৱানে কিশোৰী আৰু যুৱতী সকলক উদ্ধাৰ কৰি আৰপিএফৰ থানাত লৈ আহে। উদ্ধাৰ হোৱা কিশোৰী আৰু যুৱতী কেইগৰাকীৰ ভিতৰত তিনিগৰাকীয়ে মুম্বাইৰ বাছাইত মাছৰ কোম্পানীত কাম কৰি আহিছে আৰু যুৱতী কেইগৰাকীয়ে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে এনেদৰে বহিঃৰাজ্যলৈ কাম কৰিবলৈ যাব লগীয়া হোৱা বুলি জানিবলৈ দিয়ে। বৰ্তমান ৰাজ্যত কৰ্ম সংস্থাপনৰ অভাৱ হোৱা বাবে দুখীয়া পৰিয়ালৰ যুৱক যুৱতীয়ে এনেদৰে দৈনন্দিনভাৱে কামৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগীয়া হৈছে। নিবনুৱা আৰু দৰিদ্ৰতাৰ সুযোগলৈ এচাম দুষ্ট চক্ৰ‌ই দৰিদ্ৰ পৰিয়ালৰ কিশোৰ কিশোৰী আৰু যুৱক যুৱতীক ধনৰ বিনিময়ত মানৱ সৰবৰাহকাৰীৰ হাতত গতাই দিয়াৰো বহু উদাহৰণ আছে। কৰ্ম সংস্থাপনৰ আশাত যাতে ৰাজ্যৰ যুৱক যুৱতী দুষ্ট চক্ৰৰ হাতত নপৰে এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত‌ জৰুৰী হৈ পৰিছে।