ৰহা, সংবাদ ৩৬৫, ১১ জুলাইঃ নগাঁৱৰ ৰহা টোল গেট বৃহস্পতিবাৰৰ পৰা মুকলি কৰা হ’ব। ৰহা টোল গেট মুকলিৰ বাবে কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈছে যদিও মুকলিৰ প্ৰাকমহুৰ্তত বিভিন্ন দল সংগঠনে ৰহাত প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তুলিছে। কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ১২ টাকৈ জাতীয় সংগঠনে ৰহাৰ চাৰিলেনযুক্ত পথৰ ওপৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰশাসনে প্ৰতিবাদস্থলীত মোতায়ন কৰিছে আৰক্ষী, মহিলা আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল৷ চাৰিলেনযুক্ত পথৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত টোল গেট মুকলি নকৰাৰ দাবী জনাই সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে পূৰ্বেও ৰহাৰ টোল গেট এবাৰ মুকলি কৰা হৈছিল যদিও অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য সংগঠন তথা স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাত টোল গেট বন্ধ কৰি দিয়া হৈছিল৷ বৃহস্পতিবাৰৰ পৰা পুনৰ টোল গেট মুকলি কৰিলে আপোনি ভৰিব লাগিব মাচুল৷

ৰহা টোল গেটৰ মাচুলৰ নিৰিখ এনেধৰণৰ হ’ব :-

১) কাৰ, জীপ, ভেন আদি লঘু মটৰ বাহনৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰিলে ১০০ টকা, ২৪ ঘণ্টাত উভতি আহিলে ১৫০ টকা, মাহেকীয়া      ৫০ বা অধিক যাত্ৰা কৰিলে ৩২৮০ টকা, জিলাত পঞ্জীয়ন থকা বাণিজ্যিক বাহনৰ মাচুল ৫০ টকা ৷

২) লঘু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰিলে ১৬০ টকা, ২৪ ঘণ্টাৰ ভিতৰত উভতি আহিলে ২৪০ টকা, মাহেকীয়া ৫৩০০ টকা আৰু জিলাত পঞ্জীয়ন থকা বাণিজ্যিক বাহনৰ মাচুল ৮০ টকা।

৩) ট্ৰাক বা বাছৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰিলে ৩৩৫ টকা, ২৪ ঘণ্টাত উভতি আহিলে ৫০০ টকা, মাহেকীয়া ১১,১০০ টকা, জিলাত পঞ্জীয়ন থকা বাণিজ্যিক বাহনৰ মাচুল ১৬৫ টকা ৷

৪) তিনি এক্সেল যুক্ত বাহনৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰিলে ৩৬৫ টকা, ২৪ ঘণ্টাত উভতি আহিলে ৫৪৫ টকা, মাহেকীয়া ১২,১১০ টকা আৰু জিলাত পঞ্জীয়ন থকা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ১৮০ টকা ৷

৫) এইচ চি এম /ই এম ই/এম এ ভি (৪-৬ এক্সেলযুক্ত) বাহনৰ ক্ষেত্ৰত এবাৰ যাত্ৰা কৰিলে ৫২০ টকা, ২৪ ঘণ্টাত উভতি আহিলে ৭৮৫ টকা, মাহেকীয়া ১৭,৪১০ টকা আৰু জিলাত পঞ্জীয়ন থকা বাহনৰ ক্ষেত্ৰত মাচুল দিব লাগিব ২৬০ টকা ৷

৬) অতি বিশাল বাহন (৭ বা তাতকৈ অধিক এক্সেলযুক্ত)ৰ ক্ষেত্ৰত এবাৰ যাত্ৰাত ৬৩৫ টকা , ২৪ ঘণ্টাত ৯৫৫ টকা, মাহেকীয়া ২১,১৯৫ টকা আৰু জিলাত পঞ্জীয়ন থকা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত ৩২০ টকাকৈ দিব লাগিব মাচুল।