গুৱাহাটী, সংবাদ ৩৬৫, ১৬ এপ্ৰিলঃ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা দেওবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন আছু নেতা বিশ্বজিত দাসক। উল্লেখ্য যে, যোৱা ১২ এপ্ৰিলত ৰাজু কলিতা নামৰ এজন যুৱকে আত্মহত্যা কৰি চুইচাইড নোটত বিশ্বজিত দাসৰ নাম উল্লেখ কৰি লিখিছিক যে বিশ্বজিত দাসৰ তেওঁৰ পত্নীৰ লগত অবৈধ সম্পৰ্ক থকাৰ বাবে তেওঁ আত্মহত্যা কৰিছে। ৰাজু কলিতাৰ আত্মহত্যাৰ পিছৰেপৰা পলাতক আছিল বিশ্বজিত দাস আৰু দেওবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা অন্য ৰাজ্যলৈ পলায়ন কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে বিশ্বজিতক গ্ৰেপ্তাৰ কৰে। বিশ্বজিতৰ লগত পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ বাবে আত্মহত্যা কৰা ৰাজু দাস পত্নীৰো যোৱা ১১ জানুৱাৰীত ৰহস্যজনকভাৱে মৃত্যু হৈছিল। বিশ্বজিত দাস বঙাইগাঁও জিলাৰ যোগীঘোপা আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক আছিল।