গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ সমগ্ৰ দেশৰ লগতে বুধবাৰে অসমতো উলহ মালহেৰে মহা শিৱৰাত্ৰী পূজা পালন কৰা হয়। মহানগৰীৰ বিভিন্ন শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই ভক্তগণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। শিৱ বন্দনাৰে মুখৰিত হয় পৰে মহানগৰীৰ আকাশ বতাহ।আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধণাৰ বাবে মন্দিৰসমূত ভক্তগন ৰাইজ চাকি বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা অৰ্চনা কৰে। চাকি, ধূপ, ফল মূল, নৈবদ্যৰ সুগন্ধিৰে সুবাসিত হৈ পৰে মহানগৰীৰ শিৱ মন্দিৰসমূৰ চৌপাশ। শিৱৰাত্ৰী উপলক্ষে মহানগৰীৰ বশিষ্ঠ, উমানন্দ আৰু পামহীত থকা শিৱ মন্দিৰত হাজাৰ হাজাৰ ভক্তগন ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায়। ৰঙিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া গোঁসাই থানত বিভিন্ন ধৰ্মীয় কার্যসূচীৰে শিৱৰাত্ৰী পালন কৰাৰ লগতে বিভিন্ন ধৰণৰ ভোগৰ ব্যৱস্থা কৰা হয়। দৰঙ জিলাৰ নাৰিকলি মন্দিৰটো তিনিদিনীয়া কার্যসূচীৰে পালন কৰা হৈছে শিৱৰাত্ৰী। নাৰিকলি মন্দিৰত প্ৰতি বছৰে শিৱৰাত্ৰী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। আনহাতে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত পোনপ্ৰথমবাৰৰ চাৰি দিনীয়া কার্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ভাবে আয়োজন কৰা শিৱ মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱে পৰ্যটনৰ ক্ষেত্ৰত জিলাখনলৈ ন-বতাহ কঢ়িয়াই আনিব বুলি আশাবাদী শিৱসাগৰবাসী।