গুৱাহাটী : দেশৰ বৃহত্তম নদী মহোৎসৱৰ জৰিয়তে অসম তথা উত্তৰ-পূবক বিশ্ববাসীৰ মাজত পৰিচয় কৰি দিয়াৰ লক্ষ্যৰে আজিৰে পৰা মহা আড়ম্বৰেৰে আৰম্ভ হ’ল দেশৰ সৰ্ববৃহৎ নদী মহোত্সৱ ‘নমামি ব্ৰহ্মপুত্ৰ’ মহোত্সৱ৷ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যখনৰ মুঠ ২১খন জিলাত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰতিটো পাৰঘাটত বৰ্ণাঢ্য সংস্কৃতিৰে উজলাই তুলি গুৱাহাটীৰ কাছমাৰীঘাটত কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰা হয় ‘নমামি ব্ৰহ্মপুত্ৰ’৷ দেশৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে বন্তি প্ৰজ্জ্বলেনেৰ গুৱাহাটীত ‘নমামি ব্ৰহ্মপুত্ৰ’ মহোৎসৱ উদ্বোধন কৰি নিজৰ উদ্বোধনী ভাষণত ঐতিহাসিক শৰাইঘাটৰ ৰণক স্মৰণ কৰি কয়— বুঢ়া লুইতৰ এক সুকীয়া ইতিহাস আছে, ব্ৰহ্মপুত্ৰই সমগ্ৰ উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰে৷ সমগ্ৰ উত্তৰ-পূবক আগুৱাই নিব পাৰিলে দক্ষিণ এছিয়াৰ প্ৰাণকেন্দ্ৰ হ’ব উত্তৰ-পূব৷ ভাৰত এখন বৈচিত্ৰপূৰ্ণ দেশ, ২০০তকৈও অধিক ভাষা ব্যৱহাৰ কৰে দেশবাসীয়ে৷ তথাপিও দেশত ঐক্য-সংহতি অব্যাহত আছে আৰু এই অনন্য বৈচিত্ৰ্য আন ক’তো পোৱা নাযায়৷ ভাষণত মহাপুৰুষ শংকৰদেৱক স্মৰণ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু কয়— নৱবৈষ্ণৱ ধৰ্মৰে অসমত শান্তি প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই উৎসৱ আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্য চৰকাৰৰ শলাগ লৈ দেশত জনমূৰি আয়, ঘৰুৱা মুঠ উত্পাদন বৃদ্ধি পাইছে আৰু বিশ্বৰ অৰ্থনৈতিক মানচিত্ৰত দেশৰ মান উৰ্ধ্বগামী হৈছে বুলিও নিজৰ ভাষণত উল্লেখ কৰে৷ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰি অসমৰ সংস্কৃতি-অৰ্থনীতিত বুঢ়া লুইতৰ অৱদান অপৰিহাৰ্য বুলি উল্লেখ কৰে৷ অসম তথা উত্তৰ-পূবৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰ, বৰাক-ব্ৰহ্মপুত্ৰই সমন্বয়ৰ সেঁতু গঢ়িছে আৰু দেশৰ প্ৰতিখন নদীয়ে বৰ্ণিল ইতিহাস-সংস্কৃতিক সমৃদ্ধ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মন্তব্যত উল্লেখ কৰে৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো নিজৰ ভাষণত নমামি ব্ৰহ্মপুত্ৰ মহোত্সৱ নতুন অসমৰ প্ৰতিফলন আৰু ৰাজ্য চৰকাৰে তাৰ বাবে পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন আৰু আজিৰ এই দিনটোৱে ৰাজ্যখনত এক সুকীয়া মাত্ৰা প্ৰদান কৰিব বুলি নিজৰ ভাষণত উল্লেখ কৰে৷ আজিৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰপতি. ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতৰ লগতে ভূটানৰ প্ৰধানমন্ত্রী চেৰিং তবগেৰ উপৰি দেশ-বিদেশৰ বহু অতিথি আৰু পর্যটকে অংশগ্রহণ কৰে৷ উদ্বোধনী অনুষ্ঠানৰ পিছতেই দীপ-অৰ্ঘ্যৰে মহাবাহুক পূজা কৰা হয়৷ হৰিদ্বাৰৰ পৰা অহা ২৭ জনীয়া পূজাৰীৰ দলটোৱে গংগাক অৰ্চনা কৰাৰ দৰে ব্ৰহ্মপুত্ৰকো মন্ত্ৰোচ্চাৰণ, শংখ, ঘণ্টাৰে মুখৰ কৰি তুলে৷ বৈষ্ণৱ পৰম্পৰাৰে আৰম্ভ কৰা নমামি উৎসৱত ৭জন সত্ৰাধিকাৰৰ দ্বাৰা নাম-প্ৰসংগও হয়৷ নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ উপলক্ষে অসমৰ কলা-সংস্কৃতি, ভাষা, শিল্প আৰু জীৱনশৈলীৰ সমাহাৰ ঘটাৰ লগতে ৰাজ্যৰ থলুৱা সংস্কৃতিসমূহ দেশী-বিদেশী পর্যটকৰ আগত উপস্থাপন কৰে৷ নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ অন্যতম আকর্ষণীয় অনুষ্ঠানটো পৰিচালনা কৰিছে বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াই। মুঠ ১৪টা সাংস্কৃতিক দলে পৰিৱেশন কৰিব লগা এই অনুষ্ঠানত ৰাজ্যৰ প্ৰতিটো জনগোষ্ঠীৰ কলা-সংস্কৃতিক দাঙি ধৰা হয়৷ উল্লেখ্য যে গুৱাহাটীৰ লগতে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যখনৰ মুঠ ২১খন জিলাত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰতিটো পাৰঘাটতো বৰ্ণাঢ্য সংস্কৃতিৰে উজলাই তুলি আড়ম্বৰেৰে আৰম্ভ হয় দেশৰ সৰ্ববৃহৎ নদী মহোত্সৱ ‘নমামি ব্ৰহ্মপুত্ৰ’ মহোত্সৱ৷