শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১২ জুলাইঃ এক শিহৰণকাৰী ৰাজ্য কঁপাই যোৱা শিৱসাগৰৰ চাঞ্চল্যকৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ লগত জড়িত সন্দেহত তিনিচুকীয়াত ৰেলৱে আৰক্ষীয়ে আজি এজন ধৃত লোকক আটক কৰে। প্ৰয়াত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছতে মাতৃৰ বক্তব্যৰ ভিত্তিত অসম আৰক্ষীয়ে কলকাতাৰ পৰা অহা শিল্পী দেৱাশীষ বেনাৰ্জীয়ে অংকন কৰা স্কেচ্ছৰ ভিত্তিত লোকজনক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজনক তিনিচুকীয়াত ৰংঙিয়া ৰেলখনৰ উক্ত ডবাটোৰ অাশে পাশে থকা চিচিটিভি ফুটেছত চাই অাটক কৰিছে তিনিচুকীয়া ৰেল অাৰক্ষীয়ে। লোকজনে প্ৰকৃত পৰিচয় এই পযৰ্ন্তলৈকে সদৰী কোৱা নাই। বৰ্তমান ৰেল অাৰক্ষীৰ জিন্মাত অাছে অাটকাধীন লোকজন।৭ টাকৈ অনুসন্ধানকাৰী দলে অভিযান চলাইছে অপৰাধীৰ বিৰুদ্ধে৷ শিৱসাগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত এটা আৰক্ষীৰ দল তিনিচুকীয়া ৰেল’ৱে মাণ্ডলীক কাৰ্যালয়ত উপস্থিত হৈছে৷