মানিকপুৰ, সংবাদ ৩৬৫, ২০ জুলাইঃ আক্ৰাছু আৰু নিখিল ভাৰত মটৰ পৰিবহন কংগ্ৰেছৰ আহ্বানত ৰাজ্যত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। নামনি অসমৰ মাণিকপুৰ, পাতিলাদহা, বঙাইগাওঁত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যান বাহনৰ লগতে সাধাৰণ জনতা। আক্ৰাছুৰ কৰ্মকৰ্তাই ৰাজপথত টায়াৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে । বন্ধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত উৎকত গৰমত আৱদ্ধ হৈ থকা শশ যান বাহনৰ যাত্ৰীৰ লগতে চালক হেন্দিমেনৰ মাজত হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈছে। ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক সংগঠনৰ বন্ধৰ ফলত হাৰাশাস্তি খাই আছে সাধাৰণ জনতা।