মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, সংবাদ ৩৬৫, ১৭ মাৰ্চ: ৰাজ্যৰ বিজেপি চৰকাৰখনে যিমানেই উন্নয়নৰ শ্লোগান নিদিয়ক কিয় অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা দেখিলেই উন্নয়নৰ ফোপোলাস্বৰূপ ওলাই পৰে। তিনিচুকীয়া জিলাৰ ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা যোৱা দুবছৰে ধৰি পাৱৈৰ পৰা জাগুনলৈকে সম্পূৰ্ণৰুপে বিধস্ত হৈ পৰাৰ পিছতো ৰাজ্য চৰকাৰখনে পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহল। অসমৰ অত্যন্ত ব্যস্ততাপূৰ্ণ কয়লানগৰী চহৰ মাৰ্ঘেৰিটাৰ বিধস্ত হৈ থকাৰ এই পথছোৱা নিৰ্মাণৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে চৰকাৰ কেবাবাৰো স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে যদিও আজি পৰ্যন্ত বিজেপি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বিজেপি চৰকাৰে জনতাৰ মূল সমস্যাসমূহ সমাধান কৰাৰ পৰিৱৰ্তে জনতাক উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰিহে ব্যস্ত ৰাখিব বিচাৰে। উন্নয়নমূলক কামৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত বিধস্ত এই ৰাষ্ট্ৰীয় ঘাইপথত হাল বোৱা আৰু মাছ ধৰা উৎসৱ উদযাপন কৰে। স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে আৰু সকীয়াই দিয়ে যে অতি শীঘ্ৰে যদি ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা মেৰামতি নকৰে তেনেহলে বহাগ বিহুৰ পিছতেই পথছোৱাত ভূই ৰোৱা উৎসৱ উদযাপন কৰিব।