গুৱাহাটী, ২১ এপ্ৰিলঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ দুগৰাকী  অসমীয়াই অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে৷ অলপতে ঘোষিত ৬৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ সন্মানীয় বিচাৰকৰ আসন শুৱনি কৰে ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ সঞ্চালিকা তনুশ্ৰী হাজৰিকা আৰু প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক সঞ্জীব হাজৰিকা৷ বিগত ভালেমান বছৰ ধৰি আয়োজন কৰি অহা ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলত চলচ্চিত্ৰ নিৰ্মাণৰ ভেঁটি সবল কৰি তোলাত বিশেষ বৰঙণি যোগাই অহা বাবে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৰা প্ৰশংসিত হৈ আহিছে ৬৪ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অন্যতম বিচাৰক তনুশ্ৰী হাজৰিকা৷ আনফালে এই চলচ্চিত্ৰ বঁটাৰ অন্যতম বিচাৰক সঞ্জীৱ হাজৰিকাই ১৯৯১ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত পৰিচালকৰ প্ৰথম ছবি শিতানত ইন্দিৰা গান্ধী বঁটা লাভ কৰিছিল৷