ৰঙিয়া, সংবাদ ৩৬৫, ১৭ মাৰ্চ: ৰঙিয়া ৰেল জংচনৰ ১ নং প্লেটফৰ্মত ৰেল আৰক্ষীৰ সন্মুখতে এক ধন লুটৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, শুক্ৰবাৰে নিশা ৰঙিয়া ৰেল জংচনৰ ১ নং প্লেটফৰ্মত ৰেলৰ বাবে অপেক্ষা কৰি থকা বৃদ্ধ দম্পতিৰ পৰা নগদ পঞ্চাশ হাজাৰ টকা সহ বিভিন্ন নথি পত্ৰ আৰু সা সামগ্ৰী ভৰ্তি বেগ লৈ উধাও হয় দুজনীয়া দুৰ্বৃত্তৰ দলে। দুৰ্বৃত্তৰ দলটোৱে ধন লুট সংঘটিত কৰি থকা সময়ত বৃদ্ধ দম্পতিৰ চিঞঁৰ শুনিও প্লেটফৰ্মত থকা ৰেল আৰক্ষী সহায়ৰ বাবে আগবাঢ়ি নাহে বুলি বৃদ্ধ দম্পতি হলে জানিবলৈ দিয়ে। নলবাৰী জিলাৰ গংগা বিষ্ণু শৰ্মা আৰু ভৱানী শৰ্মা নামৰ বৃদ্ধ দম্পতি হালে ৰঙিয়া জংচনৰ পৰা ৰাজস্থানৰ সুজনপুৰলৈ যাবলৈ ৰেলৰ বাবে অপেক্ষা কৰি থাকোতে দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকৰ পৰা ধন লুটি লৈ যায়। ৰাজস্থানত বৃদ্ধ দম্পতি হালৰ আত্মীয়ৰ বিয়োগ ঘটাৰ বাবে নলবাৰীৰ পৰা টকা ধাৰত লৈ ৰাজস্থান লৈ যাব আহিছিল বৃদ্ধ দম্পতি হাল। ৰেল আৰক্ষীৰ দুৰ্বলতা আৰু ষ্টেচনটোত চি’চি টিভি কেমেৰা নথকাৰ বাবে ৰঙিয়া ৰেল ষ্টেচন দৈনিক বৃদ্ধি পাবলৈ ধৰিছে বিভিন্ন অপৰাধমূলক ঘটনা। ৰঙিয়া ৰেল ষ্টেচনত বৰ্তমান যাত্ৰীসকল নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে।