গুৱাহাটী, ২২ জুনঃ অম্বুবাসী মেলা উপলক্ষে কামাখ্যা মন্দিৰত ভিৰ কৰিছে লাখ লাখ ভক্তই। ভৰি পৰিছে কামাখ্যা মন্দিৰ সাধু-সন্যাসী আৰু বাবায়ে। মন্দিৰ প্ৰাঙ্গনৰ লগতে সমগ্ৰ গুৱাহাটী মহানগৰী তথা ইয়াৰ কাষৰীয়া অঞ্চলতো মাৰ আশীষ বিচাৰি ভিৰ কৰিছে ভক্ত আৰু বাবাই। এই  বাবাসকলৰ ভিতৰত আছে কিছুমান ব্যতিক্ৰমী বাবা। এনে এক ব্যতিক্ৰমী বাবাক দেখা গ’ল মহানগৰীৰ সোনাপুৰত। মা কামাখ্যাৰ আশীষ বিচাৰি হিমাচল প্ৰদেশৰ পৰা আহি মহানগৰীৰ সোনাপুৰত ধ্যানত মগ্ন হৈছে এইজন বাবা। হিমাচল প্ৰদেশৰ পৰা দুই অনুৰাগীক লগত লৈ অহা বাবা অমৰ ভাৰতীয়ে একেৰাহে ৪৪ বছৰ ধৰি নিজৰ সোঁহাতখন দাঙি ৰাখিছে। ১৯৭৩ চনৰ পৰা বাবা অমৰ ভাৰতীয়ে নিজৰ সোঁহাতখন দাঙি তপস্যাত ব্ৰতী হৈ আছে। সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে বাবাই এইদৰে এক কঠোৰ তপস্যাত ব্ৰতী হৈছে। ১৯৭০ চনলৈ বাবে এক সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোক আছিল। চাকৰি, ঘৰ, পত্নী আৰু তিনি সন্তানেৰে বাবাৰো আছিল এক সুখী সংসাৰ। কিন্তু অশান্ত পৃথিৱীখনক লৈ বাবাৰ অন্তৰখনো অশান্ত হৈ পৰিছিল আৰু এদিন মানৱ শান্তিৰ সন্ধানত বাবাই ত্যাগ কৰিলে সাংসাৰিক মোহ-মায়া। সাংসাৰিক জীৱন ত্যাগ কৰি বাবাই ১৯৭৩ চনৰ পৰা  এইদৰে বিশ্ব শান্তিৰ বাবে সোঁহাতখন দাঙি তপস্যাত ব্ৰতী হৈছে।