কলগাছিয়া ১৪ আগষ্টঃ কলগাছিয়াত তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ ৭১ তম স্বাধীনতা দিৱস উদযাপন কৰা হৈছে৷ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ উদ্যোগত ভাৰতবৰ্ষৰ অখণ্ডতা, শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অক্ষুন্ন ৰখাৰ উদ্দেশ্যে ৰাণ ফ’ৰ নেছনেল ইনটেগ্ৰিটি শীৰ্ষক একতা দৌৰৰ আয়োজন কৰা হয়। প্ৰতিকূল বতৰৰ মাজতে মহাবিদ্যালয়খনৰ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যক্ষ, অধ্যাপক-অধ্যাপিকাসকলে এই একতাৰ দৌৰত অংশগ্ৰহণ কৰে। আনহাতে কালি স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আকস্মিক বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।