Photo of author

|

এম টিভিৰ কো’ক ষ্টুডিওৰ পৰা চিডিৰ ৰূপত পাপনৰ শ্যামৰাই কলিয়া

গুৱাহাটী, সংবাদ ৩৬৫, ২০ জানুৱাৰীঃ এম টিভিৰ কো’ক ষ্টুডিওত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈ এইবাৰ চিডিৰ আকাৰত আহিছে সংগীতপ্ৰেমী ৰাইজৰ বাবে অংগৰাগ পাপান মহন্তৰ টুকাৰী গীত শ্যামৰাই কলীয়া। এম টিভিৰ জনপ্ৰিয় সংগীত অনুষ্ঠান কো’ক ষ্টুডিওত সমগ্ৰহ বিশ্বৰ সংগীতপ্ৰেমী ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা অংগৰাগ পাপান মহন্তৰ টুকাৰী গীত শ্যামৰাই কলিয়াৰ লগতে পাঁচোটাকৈ টুকাৰী গীতৰ এখন নতুন চিডি শনিবাৰে উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত। বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা আৰু অসমীয়া ছবি জগতৰ অভিনেত্ৰী চেতনা দাসৰ লগতে পাপনে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত উন্মোচন কৰে টুকাৰী নামৰ পাঁচটাকৈ টুকাৰী গীতৰ এই চিডি। সংগীত প্ৰেমী ৰাইজৰ মাজত টুকাৰী গীতৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই টুকাৰী গীতৰ নতুন চিডি আগবঢ়াইছে জনপ্ৰিয় শিল্পী গৰাকীয়ে। শ্যামৰাই কলিয়া টুকাৰী গীতখন এম টিভিৰ কো’ক ষ্টুডিওত প্ৰচাৰ হোৱাৰ পিছত টুকাৰী গীতৰ জনপ্ৰিয়তা সমগ্ৰহ দেশৰ লগতে বিদেশটো সমাদৰ লাভ কৰিছিল। পাপনে হিন্দী ছবি জগতখনত জনপ্ৰিয় হিন্দী গীত গাই নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে গ্ৰেমী বঁটাকে ধৰি বহু কেইটা বঁটা ইতিমধ্যে লাভ কৰিছে। পাপনৰ বৰফি ছবিখনৰ ‘কিও ন হম তোম’ আৰু দম লগাকৈ হইছা ছবিখনৰ ‘য়ে মোহ মোহ কে ধাগে’ গীত দুখনে সংগীত প্ৰেমী ৰাইজৰ মাজত বিশেষ সমাদৰ লাভ কৰিছিল।