অনলাইন ডেস্ক, সংবাদ ৩৬৫, ৭ মাৰ্চ: ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ পিছত এইবাৰ তামিলনাডুত ভাঙি পেলোৱা হল বিশিষ্ট ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক পেৰিয়াৰৰ প্ৰতিমূৰ্তি। তামিলনাডুৰ ৰাজধানীৰ পৰা ১৩০ কিলোমিটাৰ দূৰত অৱস্থিত ভেলোৰত ৰাজনীতিবিদ পেৰিয়াৰৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে নিশা দুৰ্বৃত্তই পেৰিয়াৰৰ প্ৰতিমূৰ্তিৰ ওপৰত আক্ৰমণ চলাই প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে দুজন লোকৰ আটক কৰিছে। আৰক্ষীয়ে আটক কৰা দুজন লোকৰ ভিতৰত এজন বিজেপিৰ স্থানীয় সাধাৰণ সম্পাদক মুথুকুমাৰ। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। আনহাতে পশ্চিম বংগৰ ৰাজধানী কলকাতাত বুধবাৰে পুৱা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মূৰ্তিৰ ওপৰতো চলিল আক্ৰমণ। কলকাতাৰ এটি শ্মশানৰ কাষত পার্ক এখনত থকা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মূৰ্তিৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলাই মূৰ্তি ভাঙি পেলাই।