তিনিচুকীয়া, ২৮ জুনঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত আবকাৰী বিভাগে অভিযান চলাই বৃহৎ পৰিমানৰ দেশী-বিদেশী সুৰা জব্দ জব্দ কৰাৰ লগতে ৮ জন লোকক আটক কৰে৷ ডিগবৈ আৰু মাৰ্ঘেৰিটা  আবকাৰী বিভাগে মাৰ্ঘেৰিটাৰ বালোখাণ্ডা, ৰেল লাইন, মাৰ্ঘেৰিটা বজাৰ, চেগুনবাৰী, ডিৰক তিনিআলিকে ধৰি ইয়াৰ কাষৰীয়া বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়৷ অভিযানৰ সময়ত বিভাগটোৱে ১০ লিটাৰ চুলাই মদ, ৩০ লিটাৰ দেশীয় সুৰা, ১৩.৫৪ বেৰল  বিলাতী সুৰা আৰু ২০.১৫ বেৰল বিয়েৰ  জব্দ কৰে৷  অভিযানৰ সময়ত আবকাৰী বিভাগে ৯ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে আন ৮ জন লোকক আটক কৰে৷