মানিকপুৰ, ৭ ছেপ্টেম্বৰঃ পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুয়ে আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ দ্বিতীয় দিনা বঙাইগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে৷ বঙাইগাঁৱৰ মানিকপুৰ, পাতিলাদহা, কোকিলা, ডাঙাইগাওঁত বন্ধৰ ফলত বন্ধৰ ফলত জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হয় আৰু যান-বাহনৰ চলাচল বন্ধ থকা পৰিলক্ষিত হয়। বিদ্যালয়-মহাবিদ্যালয়সমূহ খোলা থাকে যদিও দোকান পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকে। ঠায়ে ঠায়ে দুচকীয়া বাহন চলাচল কৰে যদিও বন্ধৰ সমৰ্থকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ বাহন চলাচলত বাধা দিয়ে। আনহাতে ৰাখালডুবি আৰু গৰাইমাৰীত শতাধিক গধুৰ যান-বাহন আবদ্ধ হৈ পৰে। আক্ৰাছুৰ বঙাইগাঁও জিলাৰ সভাপতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনগোষ্ঠীটোক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে৷ তেওঁ চৰকাৰে পৃথক কমতাপুৰ ৰাজ্য গঠন নকৰিলে আৰু জনজাতিকৰণৰ মৰ্য্যদা নিদিলে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।