গুৱাহাটী, ২৮ জুনঃ ৰাজ্যৰ কর্মচাৰীসকলে অৱসৰৰ পিছতেই পেঞ্চন লাভ কৰিব পাৰে, তাৰবাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পেঞ্চন সঞ্চালকালয়ক নির্দেশ দিছে। জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষত আয়োজিত বৈঠকত পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ কাম-কাজৰ পর্যালোচনা কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে বিভিন্ন বিভাগৰ পেঞ্চন পাবলগীয়া কৰ্মচাৰীসকলৰ বিস্তৃত তালিকা এবছৰ আগতে প্রস্তুত কৰি অৱসৰৰ দিনটােৰ ৬ মাহৰ পূর্বে সংশ্লিষ্ট কর্মচাৰী গৰাকীৰ পেঞ্চনৰ যাৱতীয় নথি-পত্ৰ দাখিলৰ সংহত পদ্ধতি এটা গঢ়ি তোলাৰ বাবেও পেঞ্চন সঞ্চালকালয়ক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে পেঞ্চনৰ কাম-কাজসমূহ অধিক নিয়াৰিকৈ আৰু ক্ষীপ্ৰ ভাবে সম্পন্ন কৰাৰ বাবে পেঞ্চন সঞ্চালকালয়ত এটা সুকীয়া কোষ গঠন কৰাৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। বৈঠকতে মুখ্যমন্ত্রীয়ে পেঞ্চনৰ বিভিন্ন দিশসমূহ তথা ইয়াৰ জটিলতা নিৰাময়ৰ বাবে বিভিন্ন কর্মচাৰী সংগঠনসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰামর্শ গ্রহণ কৰাৰ উদ্যোগ ল’বলৈও পেঞ্চন সঞ্চালকক নির্দেশ দিয়ে। তদুপৰি এই ক্ষেত্ৰত প্রয়োজন হ’লে সচেতনতা মূলক কাৰ্যসূচী গ্রহণ কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে কর্মচাৰীসকলৰ পেঞ্চন সম্পৰ্কীয় কাম-কাজ সমূহ দ্রুতভাবে সম্পন্ন কৰাৰ বাবে প্ৰতিটাে বিভাগৰ লগত আলোচনাৰ বাবে এক বৈঠকৰ আয়োজন কৰিবলৈও মুখ্য সচিবক নির্দেশ দিয়ে। এই সম্পৰ্কত মুখ্যমন্ত্রীয়ে কয় যে অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলে যদি সময় মতে পেঞ্চন লাভ কৰে তেতিয়া হ’লে কর্মচাৰী গৰাকীয়ে অৱসৰ গ্ৰহণৰ পিছতো সমাজলৈ অর্থবহ সেৱা আগবঢ়োৱাৰ বাবে প্ৰেৰণা লাভ কৰে। সেয়েহে সময় মতে পেঞ্চন প্ৰদান কৰাটাে এক নৈতিক দায়িত্ব হিচাপে গ্রহণ কৰি অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলৰ অভিজ্ঞতাপুষ্ট সেৱাৰে সমাজৰ মহৎ উপকাৰ সাধনৰ বাবে প্রেৰণা যোগোৱা উচিত বুলিও মুখ্যমন্ত্রীয়ে কয়। বৈঠকত মুখ্যমন্ত্রীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়া, মুখ্যমন্ত্রীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া আৰু পেঞ্চন সঞ্চালকালয়ৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।