সোণাপুৰ, ২২ জুনঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ কলং নৈত পুৱা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য অনুহৰি, পুৱা প্ৰায় ৬ বজাত স্থানীয় লোকে কলং নৈত উপঙি থকা অৱস্থাত এটা মৃতদেহ প্ৰত্যক্ষ কৰে৷ স্থানীয় লোকে মৃতদেহটোৰ সন্দৰ্ভত স্থানীয় ক্ষেত্ৰী আৰক্ষী থানাত অৱগত কৰে৷ ক্ষেত্ৰী আৰক্ষীৰ লোক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে৷ পিন্ধনক ৰঙা টি ছাৰ্ট আৰু নীলা জিনছ পৰিধান কৰা ২০-২৫ বছৰীয়া যুৱকজনক কোনো লোকে হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ অচিনাক্ত যুৱকজনক মৃতদেহটোৰ সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে যুৱকজনৰ মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে৷